মহিলাৰ এদিনীয়া বিশ্বকাপৰ বাবে ঘোষণা কৰা হ’ল ভাৰতীয় দল। ভাৰত আৰু শ্ৰীলংকাই যৌথভাৱে আয়োজন কৰিবলগীয়া এই প্ৰতিযোগিতাখনৰ বাবে ভাৰতীয় দলক নেতৃ্ত্ব প্ৰদান কৰিব হৰমনপ্ৰীত কৌৰে।
বিস্ফোৰক বেটাৰ তথা অপেনাৰ শ্বেফালী বাৰ্মাই দলত স্থান লাভ নকৰিলে। আনহাতে দীৰ্ঘদিনৰ মূৰত দললৈ ঘূৰি আহিছে ৰেণুকা সিং ঠাকুৰ।
উল্লেখ্য যে, ৩০ ছেপ্টেম্বৰত শ্ৰীলংকাৰ বিৰুদ্ধে এখন খেলৰ জৰিয়তে ভাৰতে বিশ্বকাপত অভিযান আৰম্ভ কৰিব।
মহিলা এদিনীয়া বিশ্বকাপ ২০২৫ৰ বাবে ভাৰতীয় দল :
হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মান্ধনা (উপ অধিনায়ক), প্ৰতিকা ৰাৱাল, হৰলিন দেউল, দীপ্তি শৰ্মা, জেমিমা ৰড্ৰিগেছ, ৰেনুকা সিং ঠাকুৰ, অৰুন্ধতী ৰেড্ডী, ৰিচা ঘোষ (উইকেটকীপাৰ), ক্ৰান্তি গৌড়, সয়ালি সাতঘৰ, ৰাধা যাদৱ, শ্ৰী চৰণী, য়াস্তিকা ভাটিয়া (উইকেটকীপাৰ) আৰু স্নেহ ৰাণা।
ভাৰত আৰু শ্ৰীলংকাই যৌথভাৱে আয়োজন কৰিব মহিলাৰ এদিনীয়া বিশ্বকাপ ২০২৫। ৩০ ছেপ্টেম্বৰৰ পৰা ২ নৱেম্বৰলৈ চলিব এই প্ৰতিযোগিতা। ৰাউণ্ড ৰবিন ফৰ্মেটত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাত মুঠ ৮ টা দলে অংশগ্ৰহণ কৰিব।