এছিয়া কাপৰ বাবে ঘোষণা কৰা হ’ল ভাৰতীয় ক্ৰিকেট দল। ১৫ জনীয়া সদস্যৰে গঠিত ভাৰতীয় দলটোত উপ-অধিনায়কৰ দায়িত্ব প্ৰদান কৰা হৈছে শুভমন গিলক। শ্ৰেয়াছ আয়াৰ আৰু যশস্বী জয়ছৱালে ভাৰতীয় দলটোত স্থান লাভ নকৰিলে।
ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱা ৱাশ্বিংটন সুন্দৰ আৰু অসম সন্তান ৰিয়ান পৰাগেও দলত স্থান লাভ নকৰিলে।
এছিয়া কাপৰ বাবে ঘোষণা কৰা ভাৰতীয় দলটো-
সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), শুভমন গিল (উপ-অধিনায়ক), অভিষেক শৰ্মা, তিলক বাৰ্মা, হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, অক্ষৰ পেটেল, জীতেশ শৰ্মা (উইকেটকীপাৰ), জশপ্ৰীত বুমৰাহ, অৰ্শদ্বীপ সিং, বৰুণ চক্ৰৱৰ্তী, কুলদীপ যাদৱ, সঞ্জু ছেমছন (উইকেটকীপাৰ), হৰ্ষিত ৰানা আৰু ৰিংকু সিং।
৯ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া এই প্ৰতিযোগিতাখন এইবাৰ টি-২০ ফৰ্মেটত অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে ২০১৬ আৰু ২০২২ চনত এই প্ৰতিযোগিতাখন টি-২০ ফৰ্মেটত অনুষ্ঠিত হৈছিল।
এছিয়া কাপৰ সূচী
গ্ৰুপ এ : ভাৰত, পাকিস্তান, ইউএই আৰু ওমান
গ্ৰুপ বি : শ্ৰীলংকা, বাংলাদেশ, আফগানিস্তান আৰু হংকং
ভাৰতে প্ৰতিযোগিতাখনৰ প্ৰথমখন মেচ অহা ১০ ছেপ্তেম্বৰত ইউএইৰ বিৰুদ্ধে খেলিব।