এছিয়া কাপ আৰম্ভ হোৱাৰ পূৰ্বে বিচিচিআইয়ে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই টুৰ্ণামেণ্টখনৰ পূৰ্বে ব’ৰ্ডে এটা নিয়মত সালসলনি ঘটাইছে। দৰাচলতে যিকোনো ডাঙৰ টুৰ্ণামেণ্ট বা বিদেশ ভ্ৰমণৰ বাবে যাবলগীয়া ভাৰতীয় দলৰ সকলো খেলুৱৈয়ে মুম্বাইৰ পৰা যাত্ৰা কৰে। কিন্তু এছিয়া কাপৰ বাবে বিচিচিআইয়ে এই নিয়ম সলনি কৰিছে।
এছিয়া কাপৰ বাবে প্ৰতিগৰাকী ক্ৰিকেটাৰ তথা ছাপোৰ্ট ষ্টাফে নিজ নিজ চহৰৰ পৰা ডুবাইলৈ যাত্ৰা কৰিব পাৰিব। এই সকলোবোৰ ক্ৰিকেটাৰে ডুবাইত একত্ৰিত হ’ব। আগতে ভাৰতীয় খেলুৱৈসকলে সাধাৰণতে বিদেশ ভ্ৰমণলৈ যোৱাৰ পূৰ্বে মুম্বাইত গোট খাইছিল।
খেলুৱৈসকলৰ ভ্ৰমণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বিচিচিআইয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। বিচিচিআইৰ এজন জ্যেষ্ঠ বিষয়াই নাম প্ৰকাশ নকৰাৰ চৰ্তত সংবাদ সংস্থা পিটিআইক কয়, ‘৪ ছেপ্টেম্বৰৰ সন্ধিয়াৰ ভিতৰত সকলো খেলুৱৈয়ে ডুবাইত উপস্থিত হ’ব। আৰু ৫ ছেপ্টেম্বৰত আইচিচি একাডেমীত প্ৰথম নেট অনুশীলনত অংশ ল’ব। লজিষ্টিক সুবিধাৰ কথা মনত ৰাখি খেলুৱৈসকলক নিজ নিজ চহৰৰ পৰা পোনপটীয়াকৈ ডুবাইলৈ যাবলৈ কোৱা হ’ব।’
উল্লেখ্য যে ৯ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব এছিয়া কাপ। ভাৰতে ১০ ছেপ্তেম্বৰত এছিয়া কাপৰ অভিযান আৰম্ভ কৰিব। ভাৰতৰ প্ৰতিগৰাকী ক্ৰিকেট অনুৰাগী পাকিস্তানৰ বিৰুদ্ধে হ’বলগীয়া মেচখনৰ বাবে অধীৰ অপেক্ষাৰে ৰৈ আছে।