চলিত বৰ্ষৰ ১ ডিচেম্বৰত জয় শ্বাহে আইচিচিৰ নতুন অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছৰে পৰা বিশ্বৰ শক্তিশালী ক্ৰিকেট ব’ৰ্ড বিচিচিআইৰ স্থায়ী সচিব পদটো খালী হৈ আছে। মাত্ৰ কিছুদিন পূৰ্বে ব’ৰ্ডৰ অধ্যক্ষ ৰ’জাৰ বিন্নীয়ে অসমৰ দেৱজিত শইকীয়াক ভাৰপ্ৰাপ্ত সচিবৰ দায়িত্ব প্ৰদান কৰি অতি শীঘ্ৰে স্থায়ী নিযুক্তি দিয়াৰ প্ৰচেষ্টা চলোৱা হ’ব বুলিও উল্লেখ কৰিছিল।
ইফালে স্থায়ী নিযুক্তি সন্দৰ্ভত প্ৰকাশ পোৱা খবৰ অনুসৰি, অহা বৰ্ষৰ ১২ জানুৱাৰীত ব’ৰ্ডে বিচিচিআইৰ নতুন সম্পাদক আৰু কোষাধ্যক্ষ নিযুক্তিৰ বাবে বিশেষ বৈঠক আহ্বান কৰিছে।
বিচিচিআইৰ সংবিধানত স্পষ্টভাৱে উল্লেখ আছে যে ৪৫ দিনৰ ভিতৰত যিকোনো খালী পদত নতুনকৈ নিযুক্তি দিয়াটো বাধ্যতামূলক। পিটিআইৰ উদ্ধৃতি দি এখন ৰাজ্যিক ক্ৰিকেট সংস্থাই কয়, ‘বৃহস্পতিবাৰে অনুষ্ঠিত পৰিষদৰ বৈঠকৰ পিছত ৰাজ্যিক ক্ৰিকেট সন্থাৰ সকলোকে বিশেষ সাধাৰণ সভা সন্দৰ্ভত বাৰ্তা প্ৰেৰণ কৰা হয়। অহা ১২ জানুৱাৰীত বিচিচিআইৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ’ব এই বৈঠক।’
উল্লেখ্য যে, জয় শ্বাহৰ উপৰি আশীষ শ্বেলাৰে শেহতীয়াকৈ গঠন হোৱা নতুন মহাৰাষ্ট্ৰ চৰকাৰত কেবিনেট মন্ত্ৰীৰ পদ লাভ কৰাৰ বাবে কোষাধ্যক্ষৰ পদ এৰি দিছিল।
ইফালে ৰাজ্যিক ক্ৰিকেট সংস্থা সমূহলৈ প্ৰেৰণ কৰা বাৰ্তাত লিখিছে, ‘যিহেতু সচিব আৰু কোষাধ্যক্ষৰ পদ খালী হৈ পৰিছে, সেয়ে বিশেষ সাধাৰণ সভাত নিৰ্বাচনী প্ৰক্ৰিয়াৰ জৰিয়তে এই পদসমূহ পূৰণ কৰাটো প্ৰয়োজনীয়।’
বিচিচিআইৰ এই আভ্যন্তৰীণ নিৰ্বাচনৰ নিৰ্বাচনী বিষয়া হিচাপে দায়িত্ব প্ৰদান কৰা হৈছে প্ৰাক্তন নিৰ্বাচন আয়ুক্ত আচল কুমাৰ জ্যোতিক। তেওঁ ২০১৭ চনৰ জুলাইৰ পৰা ২০১৮ চনৰ জানুৱাৰীলৈকে ভাৰতৰ নিৰ্বাচন আয়ুক্ত আছিল।
উল্লেখ্য যে, সম্প্ৰতি দেৱজিৎ শইকীয়াই বিচিচিআইৰ ভাৰপ্ৰাপ্ত সচিব হিচাপে দায়িত্বত আছে, আনহাতে খালী হৈ আছে কোষাধ্যক্ষৰ পদ। দুয়োটা পদৰ বাছনি সৰ্বসন্মতিক্ৰমে হ’ব বুলি আশা কৰা হৈছে।