ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে দেওবাৰে হামাছক নিৰস্ত্ৰ কৰি গাজা ষ্ট্ৰিপক সম্পূৰ্ণৰূপে নিৰস্ত্ৰ কৰাৰ সংকল্প কৰে। তেওঁ কয় যে, বিগত মাহত কাৰ্যকৰী হোৱা যুদ্ধবিৰতিৰ পিছতো তেওঁৰ চৰকাৰে বাকী থকা সন্ত্ৰাসবাদী সংগঠনসমূহক লক্ষ্য কৰি থাকিব।
এক সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি, দক্ষিণ গাজাৰ ৰাফাহ আৰু খান ইউনিছৰ অঞ্চলৰ কথা উল্লেখ কৰি নেতান্য়ায়াহুৱে মন্ত্ৰীসকলক কয় যে, ইজৰাইলৰ নিয়ন্ত্ৰণত থকা গাজাৰ কিছুমান অংশত হামাছৰ কিছুমান কোষ বৰ্তমানেও সক্ৰিয় হৈ আছে, আৰু তেওঁলোকে ইয়াক পদ্ধতিগতভাৱে নিৰ্মূল কৰি আছে। নেতান্য়ায়াহুৱে কয় যে, হামাছক নিৰস্ত্ৰ কৰা আৰু গাজা ষ্ট্ৰিপক নিৰস্ত্ৰ কৰা আমাৰ মূল নীতি।
তেওঁ কয় যে, ইজৰাইলে নিজৰ “বৃহত্তম নিৰাপত্তাৰ দায়িত্ব”ৰ সৈতে আপোচ নকৰে। হোৱাইট হাউছে যুদ্ধবিৰতি বজাই ৰাখিবলৈ আৰু পণবন্দীসকলক মুক্তি নিশ্চিত কৰিবলৈ চেষ্টা কৰি থকাৰ সময়তে তেওঁৰ এই মন্তব্য। ইজৰাইলৰ আক্ৰমণ চলি থাকে যদিও তেওঁলোকৰ গতি লেহেমীয়া হৈছিল।
গাজাৰ স্বাস্থ্য বিষয়াসকলে জনোৱা অনুসৰি, তিনি সপ্তাহ পূৰ্বে যুদ্ধবিৰতি আৰম্ভ হোৱাৰ পিছত ইজৰাইলৰ গুলীত কমেও ২৩৬ জন পেলেষ্টাইনী নিহত আৰু ৬০০ জন আহত হৈছে আৰু ২০২৩ চনৰ ৭ অক্টোবৰৰ পৰা মুঠ মৃত্যুৰ সংখ্যা ৬৮,৮৬৫ জনলৈ বৃদ্ধি পাইছে।
নেতান্যায়াহুৱে লেবানন চৰকাৰক হিজবুল্লাহক নিৰস্ত্ৰ কৰাৰ প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰিবলৈও আহ্বান জনায়, গোটটোৱে অস্ত্ৰ-শস্ত্ৰ মজুত কৰাৰ অভিযোগ উত্থাপন কৰে আৰু প্ৰয়োজন হ’লে ইজৰাইলে আত্মৰক্ষাৰ বাবে কাম কৰিব বুলি সকীয়াই দিয়ে।










