বিজেপি নেতৃত্বাধীন উত্তৰাখণ্ড চৰকাৰে ৰাজ্যৰ বিদ্যালয়সমূহৰ বাবে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰে পৰা ৰাজ্যখনৰ সকলো বিদ্যালয়তে প্ৰাৰ্থনা সভাত ছাত্ৰ-ছাত্ৰীসকলক শ্ৰীমদ্ভাগৱত গীতাৰ শ্লোক শিকোৱা হ’ব। এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে।
উত্তৰাখণ্ডৰ শিক্ষা বিভাগে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ সৈতে এক বৈঠকত মিলিত হোৱাৰ পিছতে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই সিদ্ধান্ত মৰ্মে অতি শীঘ্ৰেই ৰাজ্যখনৰ ১৭ হাজাৰ চৰকাৰী বিদ্যালয়ত এই নতুন নিয়ম প্ৰযোজ্য হ’ব।
উত্তৰাখণ্ড ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তক আদৰণি জনাইছে মাদ্ৰাছা বোৰ্ডৰ অধ্যক্ষ মুফটি চামুন কাজমীয়ে।
মাদ্ৰাছা বোৰ্ডৰ প্ৰদেশ অধ্যক্ষ মুফটি চামুন কাজমীয়ে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক উচ্চ প্ৰশংসা কৰি কয় যে মুখ্যমন্ত্ৰীৰ নেতৃত্বত ৰাজ্যখনে উন্নয়নৰ দিশে আগবাঢ়িছে। আনন্দৰ খবৰ এয়াই যে এতিয়াৰ পৰা বিদ্যালয়সমূহত শ্ৰীমদ্ভাগৱত গীতাৰ শ্লোক শিকোৱা হ’ব।
তেওঁ লগতে কয় যে মাদ্ৰাছাসমূহত সংস্কৃত প্ৰৱৰ্তনৰ বাবে অৰ্থাত পাঠদানৰ বাবে সংস্কৃত বিভাগৰ সৈতে বুজাবুজিৰ চুক্তি কৰিবলৈ যি সিদ্ধান্ত লৈছিলো, সেয়া এই উদ্দেশ্যে লোৱা হৈছে।
এই সন্দৰ্ভত মুফটি চামুন কাজমীয়ে কয় যে এই সিদ্ধান্তই সাম্প্ৰদায়িক সম্প্ৰীতিও শক্তিশালী কৰিব আৰু ৰাজ্যখন আগবাঢ়ি যোৱাত সহায়ক হ’ব। যিসকলে আমাৰ মাজত দূৰত্ব সৃষ্টি কৰিব বিচাৰি আছিল তেওঁলোক নিজেই আঁতৰি যাবলৈ বাধ্য হ’ব আৰু আমিও এইবোৰৰ পৰা মাদ্ৰাছাৰ ল’ৰা-ছোৱালীক উপকৃত কৰি আছো।
ইফালে ৰাজ্যৰ সকলো চৰকাৰী বিদ্যালয়ত ভাগৱত পাঠদানৰ সিদ্ধান্ত সন্দৰ্ভত মুখ্যমন্ত্ৰী ধামীয়ে কয়, ‘ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক দিয়া জ্ঞান সন্নিবিষ্ট কৰা পবিত্ৰ গ্ৰন্থ ভাগৱত গ্ৰন্থ, যিটো ব্যক্তিক ভালদৰে পঢ়িলে গোটেই জীৱন উপযোগী। আমি শিক্ষা বিভাগৰ পৰ্যালোচনা বৈঠকত সিদ্ধান্ত লৈছিলো যে ৰাজ্যৰ সকলো বিদ্যালয়তে গীতা পাঠদান কৰা হ’ব আৰু এই প্ৰক্ৰিয়া আৰম্ভ হৈছে।’