মধ্য প্ৰদেশৰ ৰাজধানী ভোপালত আয়কৰ বিভাগে লাভ কৰিছে বৃহৎ এক সফলতা। আয়কৰ বিভাগৰ অভিযানত জব্দ হৈছে ৫২ কিলোগ্ৰাম সোণ আৰু নগদ ৯.৮৬ কোটি টকা। নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত অভিযানকাৰী দলটোৱে জংঘলত অভিযান চলাই এখন চাৰিচকীয়া বাহনৰ পৰা এই বৃহৎ পৰিমাণৰ সোণ আৰু নগদ ধনখিনি জব্দ কৰিবলৈ সক্ষম হয়।
বাহনখনৰ পৰা ইমান বৃহৎ পৰিমাণৰ ধন আৰু সোণ দেখি আয়কৰ বিভাগৰ অভিযানকাৰী দলটোও হতভম্ব হৈ পৰে। বৰ্তমান এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।
জানিব পৰা অনুসৰি, ভোপালৰ সমীপৰ মেণ্ডোৰী জংঘলত এখন বাহন থকাৰ খবৰ লাভ কৰাৰ পিছতেই আয়কৰ বিভাগৰ দলটোৱে সেই স্থানত উপস্থিত হয়। অভিযানকাৰী দলটোৱে বাহনখনত তালাচী চলোৱাত এই বৃহৎ পৰিমাণৰ সোণ আৰু নগদ ধনখিনি উদ্ধাৰ হয়। এই অভিযানৰ সময়ত আয়কৰ বিভাগৰ লগত আছিল প্ৰায় ১০০ জনীয়া আৰক্ষীৰ এটা দল।
অৱশ্যে এই সোণ আৰু ধনখিনিৰ গৰাকী কোন সেয়া এই পৰ্যন্ত জানিব পৰা নাই যদিও জব্দকৃত সোণ আৰু ধনখিনি নিজৰ জিম্মাত লৈ আয়কৰ বিভাগে নিজাববীয়াকৈ তদন্ত আৰম্ভ কৰিছে।