মহাবাহু ব্রহ্মপুত্র মহামিলনৰ তীর্থ
কত যুগ ধৰি আহিছে প্রকাশি
সমন্বয়ৰ অর্থ
বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ আজি মৃত্যু বার্ষিকী। সুধাকণ্ঠ ভূপেন হাজৰিকা আমাৰ মাজৰ পৰা হেৰাই যোৱা আজি ১৪ বছৰ হ’ল। অসম আৰু অসমীয়াই ১৪ বছৰ কটালে তেওঁৰ অবিহনে।
আজি দেশজুৰি স্মৰণ কৰা হৈছে যশস্বী শিল্পীগৰাকীক।সুধাকণ্ঠ ভূপেন হাজৰিকা কায়িকভাৱে আমাৰ মাজত নাই যদিও তেওঁ আজীৱন থাকিব অসমীয়াৰ সত্বাত। ২০১১ চনৰ আজিৰ দিনটোতেই অনুৰাগীক শোকাহত কৰি শিল্পীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল। প্ৰতিবছৰে সমগ্ৰ ৰাজ্যতে তেওঁৰ মৃত্যু বাৰ্ষিকী পালন কৰা হয়।
বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী উপলক্ষে জনসাধাৰণৰ সহযোগত অসম চৰকাৰে বিশেষ কাৰ্যসূচী আয়োজন কৰিছে। এই বৰ্ষটো মহান অসমীয়াগৰাকীৰ শতবৰ্ষ পূর্তি বছৰৰূপে পালন কৰা হৈছে। সেই উপলক্ষে ৰাজ্যজুৰি প্ৰায় ২ লাখ লোকে ‘মানুহে মানুহৰ বাবে’ শীৰ্ষক গীতটি পৰিৱেশন কৰিব৷
জালুকবাৰীৰ সুধাকণ্ঠৰ সমাধিক্ষেত্ৰতো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি জনায় শুভাৰম্ভ কৰিব অনুষ্ঠানৰ। আজি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কামৰূপ মহানগৰ প্রশাসনে জালুকবাৰীৰ ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থত পুৱা ৯ বজাৰ পৰা শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে।
শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ পাছত সর্বধর্ম প্রার্থনা, ভূপেন্দ্র সংগীত, নৃত্যানুষ্ঠানৰ আয়োজন কৰা হ‘ব। লতাশিল খেল পথাৰত দিনৰ ১১ বজাত সুধাকণ্ঠৰ সাংস্কৃতিক অৱদান সুঁৱৰি বিশেষ কার্যসূচী অনুষ্ঠিত হ‘ব। কামৰূপ মহানগৰ জিলাৰ কাৰ্যসূচীত সাংস্কৃতিক মন্ত্রী বিমল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।











