ছত্তীশগড়ৰ মাও অধ্যুষিত অঞ্চল ছুকমা জিলাৰ পাহাৰীয়া অঞ্চল গোংগুডাত শনিবাৰৰ পুৱাৰ পৰাই নিৰাপত্তাৰক্ষী আৰু মাওবাদীৰ মাজত চলি আছে সংঘৰ্ষ। দীৰ্ঘদিনৰ পৰা মাওবাদী বিৰোধী অভিযান অব্যাহত ৰখা নিৰাপত্তাৰক্ষীয়ে আজিৰ অভিযানতো বিশেষ সফলতা লাভ কৰিছে।
লাভ কৰা খবৰ অনুসৰি, আজিৰ অভিযানত মাওবাদীৰ শীৰ্ষ কেডাৰ জগদীশ নিহত হৈছে। জগদীশৰ ওপৰত আছিল ২৫ লাখ টকাৰ পুৰস্কাৰ। ঝীৰম ঘাটী আৰু অৰনপুৰ আক্ৰমণৰ পৰিকল্পনাত জড়িত আছিল আজিৰ অভিযানত মৃত্যু হোৱা জগদীশ। এই তথ্য প্ৰদান কৰিছে ছুকমা জিলাৰ আৰক্ষী অধীক্ষকে।
ৰাতিপুৱাৰ পৰা চলি থকা এই অভিযানত এই পৰ্যন্ত ১৭ গৰাকী মাওবাদীৰ মৃতদেহ উদ্ধাৰ হৈছে। ঘটনাস্থলৰ পৰা উদ্ধাৰ হৈছে কেইবাটাও অত্যাধুনিক অস্ত্ৰ-সস্ত্ৰ। দুই পক্ষৰ মাজত চলা সংঘৰ্ষত দুজন জোৱানো আহত হৈছে। আঘাতপ্ৰাপ্ত জোৱান দুজনক উন্নত চিকিৎসা প্ৰদান কৰিবলৈ ঘটনাস্থললৈ প্ৰেৰণ কৰা হৈছে হেলিকপ্টাৰ।
ইফালে এই ঘটনাৰ পিছত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিষ্ণু দেৱ সায়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘মানৱ বিৰোধী মাওবাদৰ অন্ত পেলাবলৈ নিৰাপত্তা বাহিনীয়ে মাওবাদীৰ গহ্বৰত প্ৰৱেশ কৰি শিপাৰ পৰা নিৰ্মূল কৰিবলৈ কাম কৰি আছে। নিশ্চিতভাৱে জোৱানসকলে লাভ কৰা এই সফলতা প্ৰশংসনীয়, তেওঁলোকৰ বীৰত্বক মই প্ৰণাম জনাইছো।’
আনহাতে নিৰাপত্তাৰক্ষীৰ এই সফল অভিযান সন্দৰ্ভত দেশৰ গৃহ মন্ত্ৰী অমিত শ্বাহেও নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয়, ‘মই দেশবাসীক ক’ব বিচাৰো যে ২০২৬ চনৰ ৩১ মাৰ্চৰ ভিতৰত দেশৰ পৰা মাওবাদৰ অন্ত পৰিব। মাওবাদৰ অন্ত পেলোৱাৰ আঁৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ দহ বছৰীয়া ভিজন আছে।’