হোলী উৎসৱৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে চম্ভল কোতৱালি থানাত শান্তি সমিতিৰ বৈঠক অনুষ্ঠিত হয়। হোলীৰ দিনটোতে পৰিছে জুম্মা নামাজ। সেয়ে শান্তি-সম্প্ৰীতি বজাই ৰখাৰ বাবে এই গুৰুত্বপূৰ্ণ শান্তি সমিতিৰ বৈঠকখন অনুষ্ঠিত হয়।
বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত চম্ভলৰ চি অ’ অনুজ চৌধৰীয়ে সাম্প্ৰদায়িক সম্প্ৰীতি আৰু আইন-শৃংখলা বজাই ৰাখিবলৈ কঠোৰ নিৰীক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শান্তিপূৰ্ণভাৱে হোলী উৎসৱ উদযাপনৰ বাবে যোৱা এমাহ ধৰি বিভিন্ন পৰ্যায়ত শান্তি সমিতিৰ বৈঠক চলি আছে বুলিও তেওঁ কয়।
অনুজ চৌধৰীয়ে কয় যে হোলী বছৰত এবাৰ অহা উৎসৱ, আনহাতে বছৰত ৫২ বাৰকৈ শুকুৰবাৰৰ নামাজ পঢ়া হয়। কোনোবাই যদি হোলীৰ ৰঙক লৈ অস্বস্তি অনুভৱ কৰে তেন্তে সেইদিনা ঘৰৰ ভিতৰতে থাকিব লাগে। বাহিৰলৈ ওলাই অহাসকলে মুকলি মনেৰে চিন্তা কৰিব লাগে, কিয়নো উৎসৱবোৰ একেলগে পালন কৰিব লাগে। চৌধৰীয়ে দুয়োটা সম্প্ৰদায়ক ইজনে সিজনৰ আৱেগক সন্মান জনাবলৈ আহ্বান জনায়।
তেওঁ লগতে কয় যে, মুছলমান সম্প্ৰদায়ৰ লোকসকলে যিদৰে ঈদক লৈ অধীৰ আগ্ৰহেৰে ৰৈ থাকে, ঠিক সেইদৰে দিন্তু সকলেও হোলীৰ বাবে অপেক্ষা কৰি থাকে। লোকসকলে ৰং সানি, মিঠাই বিতৰণ কৰি আনন্দ মনেৰে পালন কৰিব লাগে।
ইফালে যিসকলে হোলী উসৱত অংশ ল’ব নিবিচাৰে তেওঁলোকৰ ওপৰত বলপূৰ্বকভাৱে ৰং প্ৰয়োগ নকৰিবলৈ তেওঁ ৰাইজক আহ্বান জনায়।