বিহাৰৰ পূৰ্ণিয়াত ডাইনীৰ সন্দেহত ৫ জন লোকক জীৱিত অৱস্থাত জ্বলাই দিয়াৰ গোচৰটো ঠাণ্ডা হোৱা নোহোওঁতেই পূৰ্ণীয়াৰ মিৰগঞ্জ থানা এলেকাৰ ৰংপুৰা পঞ্চায়তৰ কাজৰা সাহ টোলাৰ পৰাও একেধৰণৰ গোচৰ পোহৰলৈ আহিছে। য’ত এজন যুৱকে তেওঁৰ চুবুৰীত বাস কৰা এগৰাকী মহিলাক ডাইনী বুলি অভিযোগ কৰি তেওঁৰ ঘৰত আক্ৰমণ কৰে। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীৰ দল সেই স্থানত উপস্থিত হৈ মহিলাগৰাকীৰ জীৱন ৰক্ষা কৰে।
প্ৰমোদ শ্বাহ নামৰ এজন লোকে নিজৰ সহযোগীৰ সৈতে আহি এগৰাকী মহিলাৰ ঘৰত ইটা, শিল, লাঠিৰে আক্ৰমণ কৰি তেওঁক ডাইনী বুলি অভিহিত কৰে, তাৰ পিছত আৰক্ষী সেই স্থানত উপস্থিত হৈ মহিলাগৰাকীৰ প্ৰাণ ৰক্ষা কৰে।
আচলতে ঘটনাটো এনেধৰণৰ- স্কুলত প্ৰাৰ্থনাৰ সময়ত শাৰী পাতি থাকোঁতে প্ৰমোদ শ্বাহৰ ৮ বছৰীয়া পুত্ৰ অচেতন হৈ পৰে। ইয়াৰ পিছত তেওঁৰ ল’ৰাটোৱে অদ্ভুত কাম কৰিবলৈ ধৰে। কোৱা হৈছে যে শিশুটি বহু দিন ধৰি অসুস্থ হৈ আছিল, যাৰ চিকিৎসা চলি আছিল।
পৰিয়ালৰ লোকে জনোৱা অনুসৰি, শিশুটিক চিকিৎসাৰ বাবে লৈ যোৱা হয় আৰু চিকিৎসকক দেখুৱাই দিয়া হয়। কিন্তু চিকিৎসকে পৰীক্ষা কৰি তেওঁৰ কোনো ৰোগ হোৱা নাই বুলি কয়। অৱশ্যে শিশুটি অসুস্থ হৈয়ে থাকে। ইয়াৰ পিছত ঝাৰখণ্ডৰ পৰা অহা তান্ত্ৰিকৰ দ্বাৰা শিশুটিৰ চিকিৎসা কৰা হয়, তাৰ পিছত শিশুটি সুস্থ হৈ উঠে।
প্ৰমোদ শ্বাহে অভিযোগ কৰে যে, মহিলাগৰাকীৰ বাবেই তেওঁৰ সন্তান অসুস্থ হৈ অজ্ঞান হৈ পৰে, তাৰ পিছত ৫-৬ জন লোকৰ সৈতে মহিলাগৰাকীৰ গৃহত আক্ৰমণ কৰে।
এই ঘটনাৰ পিছতে গাঁৱখনত এক আতংকৰ পৰিবেশে বিৰাজ কৰিছে।