বিহাৰত আৰম্ভ হৈছে ভোটযুদ্ধ। বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব ইয়াকে লৈ চলিছে তীব্ৰ চিন্তা-চৰ্চা।
আজি বিহাৰৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱাৰে ৭ বজাৰে পৰা ১২২টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। ১৩০২ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব প্ৰায় ৩.৭ কোটি ভোটাৰে।
দ্বিতীয় পৰ্যায়ত ৪৫,৩৯৯টা কেন্দ্ৰত ভোটগ্ৰহণ হ’ব। নীতিশ কুমাৰৰ মন্ত্ৰীসভাৰ ১২ জনৰো অধিক মন্ত্ৰীৰ ভাগ্য নিৰ্ণয় হ’ব। ১৪ নৱেম্বৰত ঘোষণা হ’ব এই নিৰ্বাচনৰ ফলাফল।











