আজি ঘোষণা হ’ব বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। পুৱা ৮ বজাৰ পৰা আৰম্ভ ভোট গণনা প্ৰক্ৰিয়া। গতিকে বিহাৰৰ ৰাজপাট কাৰ হাতলৈ যায় তাৰ ওপৰত সকলোৰে দৃষ্টি নিৱদ্ধ হৈ আছে।
এক্সিট পলৰ ফলাফল তথা পুৱাৰে পৰা অগ্ৰগতিলৈ লক্ষ্য কৰি বিহাৰত পুনৰ এন ডি এনৰ নেতৃত্বতেই চৰকাৰ গঠন হ’ব বুলি ৰাজনৈতিক বিশ্লেষকসকলে মতপোষণ কৰিছে।
দ্বিতীয় ৰাউণ্ডৰ অন্তত ৯০০ ভোটত আগবাঢ়িছে মহাগঠবন্ধনৰ নেতা তেজস্বী যাদৱ।
বিহাৰৰ বক্সাৰ সমষ্টিত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী আনন্দ মিশ্ৰ। প্ৰাক্তন আই পি এছ বিষয়াগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীতকৈ কেইবা শতাধিক ভোটত আগবাঢ়ি আছে। বিজেপিত যোগদান কৰিয়েই টিকট লাভ কৰিছে আনন্দ মিশ্ৰই। ১০,৫০০ ভোটত আগবাঢ়ি আছে আনন্দ মিশ্ৰ।
হঠুৱা, সৰাইগংজত JDU ৰ অগ্ৰগতি লাভ কৰিছে। বাৰাচট্টী, লালগংজ, দানাপুৰত RJD ৰ অগ্ৰগতি হৈছে। মুজ্জাফৰপুৰত বিজেপিৰ ৰঞ্জন কুমাৰৰ অগ্ৰগতি হৈছে। কুড়নীত অগ্ৰগতি বিজেপিৰ প্ৰাৰ্থী কেদাৰ গুপ্তা আগবাঢ়িছে। দৰভাংগাৰ পৰা বিজেপিৰ সঞ্জয় চৰাৱগীৰ অগ্ৰগতি।
দুটা পৰ্যায়ত অনুষ্ঠিত হোৱা এইবাৰৰ বিহাৰ নিৰ্বাচনত ২,৬১৬গৰাকী প্ৰাৰ্থী অৱৰ্তীণ হৈছিল। দুটা পৰ্যায়ত ভোটদানৰ হাৰ আছিল ৬৭.১৩শতাংশ।










