অব্যাহত আছে বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা প্ৰক্ৰিয়া। এই ভোটগণনাৰ শেহতীয়া স্থিতি প্ৰকাশ কৰিছে নিৰ্বাচন আয়োগে। অপ্ৰতিৰোধ্যভাৱে অগ্ৰগতি হৈছে এনডিএ চৰকাৰৰ।
অন্তিম ফলাফল ঘোষণাৰ পূৰ্বে বিহাৰৰ জনতা দল(ইউনাইটেড)ৰ কাৰ্যালয়ত মিঠাই বিতৰণ কৰিছে দলীয় কৰ্ম-কৰ্তাই। পাটনাত মুখ্যমন্ত্ৰী আৱাসত কটকটীয়া কৰা হৈছে নিৰাপত্তা বেষ্টনী।
আলিনগৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা গায়িকা তথা বিজেপি প্ৰাৰ্থী মৈথিলী ঠাকুৰে বৃহৎ অগ্ৰগতি লাভ কৰিছে। মৈথিলী ঠাকুৰ হৈছে বিজেপিৰ সৰ্বকনিষ্ঠ প্ৰাৰ্থী।
বিহাৰৰ ৰঘুপুৰ আসনত কিছুসময় পূৰ্বলৈকে আৰ জে ডিৰ নেতা তেজস্বী যাদৱ পিছ পৰি আছিল যদিও বৰ্তমান তেওঁ পুনৰ অগ্ৰগতি লাভ কৰিছে। বিজেপিৰ প্ৰাৰ্থী সতীশ কুমাৰতকৈ প্ৰায় ২০০ ভোটত অগ্ৰগতি তেজস্বীৰ।
ইফালে বিহাৰত যাদু নচলিল প্ৰশান্ত কিশোৰৰ। এখনো আসনত আগবঢ়া নাই ‘জন সুৰাজ পাৰ্টী’। ২৪৩ আসনৰ এখনো আসন লাভ কৰা নাই দলটোৱে।










