ছত্তীশগড়ৰ বিলাসপুৰ জিলাত অনুষ্ঠিত হোৱা এখন প্ৰাৰ্থনা সভাৰ সময়ত ধৰ্ম পৰিৱৰ্তনক লৈ দুটা পক্ষৰ মাজত ভয়ংকৰ সংঘৰ্ষ হোৱাৰ খবৰ আহিছে। এই হিংসাত্মক ঘটনাত অতি কমেও ১৩ জন লোক গুৰুতৰভাৱে আহত হয়।
দেওবাৰে বিলাসপুৰৰ ছিপট অঞ্চলত দুই পক্ষৰ মাজত শিল নিক্ষেপৰ ঘটনাটো সংঘটিত হয়। এই ঘটনাৰ পিছতে দুয়োপক্ষৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ২০ গৰাকীৰো অধিক লোকৰ বিৰুদ্ধে এজাহাৰ ৰুজু কৰে।
এই গোচৰৰ বিষয়ে অধিক তথ্য দি ছিপট থানাৰ হাউছ অফিচাৰ গোপাল সাতপথীয়ে কয় যে মাতা-চৌৰা চ’কৰ সমীপৰ এটা ঘৰত খ্ৰীষ্টান সমাজে এখন প্ৰাৰ্থনা সভাৰ আয়োজন কৰে। য’ত ১৫০ জনতকৈ অধিক পুৰুষ, মহিলা আৰু শিশু গোট খাইছিল। এই প্ৰাৰ্থনা সভাৰ আঁৰত ধৰ্মান্তৰকৰণ উদ্দেশ্য থকা বুলি সন্দেহ কৰি স্থানীয় একাংশ বাসিন্দাই বজৰং দল আৰু অন্যান্য সোঁপন্থী গোটৰ সৈতে যোগাযোগ কৰে।
ঘটনাৰ খবৰ পোৱাৰ লগে লগে সোঁপন্থী গোটৰ কৰ্মীসকলে সেই স্থানত উপস্থিত হৈ বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। এই শ্লোগানৰ মাজতে এটা দলে ঘৰটোত শিলগুটি নিক্ষেপ কৰাৰ পিছতে দুয়োপক্ষৰ মাজত শিলগুটি নিক্ষেপ আৰম্ভ হয়। এইদৰে পৰিস্থিতি উত্তপ্ত হৈ পৰে।
পিছত ঘটনাস্থলত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। এই ঘটনাত খ্ৰীষ্টান ধৰ্মৰ ১০ গৰাকী লোক আৰু সোঁপন্থীৰ ৩ গৰাকী লোক গুৰুতৰভাৱে আহত হয়। সম্প্ৰতি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰা বুলি জানিব দিয়ে।