অৱশেষত বুধবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া আদালতে নাকচ কৰে ভাৰতীয় মহিলা মল্লযুঁজাৰু বিনেশ ফ’গাটৰ আবেদন। যাৰ বাবে মল্লযুঁজাৰু গৰাকীৰ অলিম্পিকৰ পৰা ৰূপৰ পদক লাভৰ আশাও ইমানতে অন্ত পৰে।
উল্লেখ্য যে, বিনেশ ফ’গাটক পেৰিছ অলিম্পিকৰ মহিলা মল্লযুঁজৰ ৫০ কেজি শাখাৰ ফাইনেলৰ বাবে অযোগ্য ঘোষণা কৰা সিদ্ধান্তৰ বিৰুদ্ধে আন্তৰ্জাতিক ক্ৰীড়া আদালতে দাখিল কৰে আবেদন। এই আবেদনত তেওঁ পুনৰ এবাৰ নিজৰ ওজন জুখিবলৈ আবেদন কৰিছিল যদিও আদালতে সেই আবেদন অগ্ৰাহ্য কৰে। ইয়াৰ পাছতেই তেওঁ অনুৰোধ জনাই যে, যিহেতু তেওঁ নিয়ম অনুসৰি ফাইনেলত প্ৰৱেশ কৰিছে, অন্ততঃ ৰূপৰ পদকটো তেওঁক দিব লাগে।
মন কৰিবলগীয়া যে, ৰূপৰ পদকৰ বাবে হৰিশ ছালভেৰ দৰে বিখ্যাত অধিবক্তাই তাৰকা মল্লযুঁজাৰুগৰাকীৰ হৈ যুক্তি আগবঢ়াইছিল। অহা শুকুৰবাৰে বিনেশৰ আবেদনৰ ক্ষেত্ৰত ৰায়দান প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল ক্ৰীড়া আদালতে। কিন্তু বাৰে বাৰে শুনানিৰ অন্তত এই ৰায়দান কেইবাবাৰো পিছুৱাই দিয়া হয়। বুধবাৰে হঠাতেই আদালতত বিনেশৰ এই আবেদন বাতিল কৰা হয়।
৭ আগষ্টত বিনেশ ফ’গাটে দাখিল কৰিছিল এই আবেদন। ১৩ আগষ্টত আবেদনৰ ৰায়দান দিয়াৰ কথা আছিল। পৰৱৰ্তী সময়ত ১৬ আগষ্টত ৰায়দানৰ সিদ্ধান্ত ঘোষণা কৰাৰ কথা আছিল যদিও ১৪ আগষ্টতে আদালতে প্ৰদান কৰে ৰায়দান। বিনেশৰ এই আবেদন প্ৰত্যাখ্যান কৰে আন্তৰ্জাতিক ক্ৰীড়া আদালতে৷ এই সিদ্ধান্তৰ পাছতেই বিনেশ ফ’গাটে যে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম নহয় সেয়া নিশ্চিত হয়।
এনে সিদ্ধান্তত স্তম্ভিত হৈ পৰে ভাৰতীয় অলিম্পিক সংস্থা। ৰায়দানৰ শুনানি গ্ৰহণ কৰি প্ৰেছিডেন্ট পি টি উষাই কয় যে আদালতে খেলুৱৈসকলৰ অৱস্থা এবাৰো বিবেচনা কৰি নাচালে। লগতে তেওঁ ইয়াকো কয় যে, এনে কঠিন পৰিস্থিতিত ভাৰতীয় অলিম্পিক সংস্থা বিনেশৰ পক্ষত আছে। ইয়াৰ উপৰিও ভাৰতীয় অলিম্পিক সংস্থায়ে জনাই যে অনাগত দিনত তেওঁলোকে আন আইনী পদ্ধতিৰে যুঁজ দিব পাৰে নে নোৱাৰে সেই বিষয়ে চিন্তা-চৰ্চা কৰি আছে। কিন্তু এতিয়াৰ বাবে বিনেশৰ পদক লাভৰ আশা শেষ।