মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা। ৯৯ গৰাকী প্ৰাৰ্থীৰ নাম সন্নিবিষ্ট এই তালিকাখন আজি কিছুসময় পূৰ্বে ঘোষণা কৰে বিজেপিয়ে।
৯৯ গৰাকী প্ৰাৰ্থীৰ ভিতৰত নাম আছে মহাৰাষ্ট্ৰ বিজেপিৰ শীৰ্ষ নেতা তথা ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছৰ দৰে নেতাৰ নাম। ফাড়নৱিছে নাগপুৰ দক্ষিণ-পশ্চিম আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।
উল্লেখ্য যে, নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি মহাৰাষ্ট্ৰত এটা পৰ্যায়তে অনুষ্ঠিত হ’ব নিৰ্বাচন। ৰাজ্যখনত ২০ নৱেম্বৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। আনহাতে, ২৩ নৱেম্বৰত ভোটগণনা হ’ব বুলি সংবাদমেলযোগে জানিব দিয়ে।
নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি, মহাৰাষ্ট্ৰ নিৰ্বাচনৰ বাবে ২২ অক্টোবৰত অধিসূচনা জাৰি কৰা হ’ব। মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ২৯ অক্টোবৰ। আনহাতে মনোনয়ন পৰীক্ষা কৰা হ’ব ৩০ অক্টোবৰত আৰু মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ৪ নৱেম্বৰ।