আপ, কংগ্ৰেছৰ পিছত এইবাৰ বিজেপিয়ে প্ৰকাশ কৰিলে দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা। বিজেপিৰ প্ৰথমখন তালিকাত ২৯টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। বিজেপিয়ে মালবীয় নগৰৰ পৰা সতীশ উপাধ্যায়, গান্ধী নগৰৰ পৰা অৰবিন্দ সিং লাভলি আৰু কালকাজী সমষ্টিৰ পৰা ৰমেশ বিধুড়ীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।
ইফালে আপ প্ৰধান অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে নতুন দিল্লী আসনখনৰ পৰা বিজেপিয়ে প্ৰৱেশ বাৰ্মাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।
আন আন দলৰ পৰা বিজেপিলৈ অহা নেতাসকলকো অগ্ৰাধিকাৰ দিছে দলে। আপৰ পৰা অহা ৰাজকুমাৰ আনন্দ, ৰাজকুমাৰ চৌহান আৰু কৈলাশ গেহলটক বিজেপিয়ে টিকট প্ৰদান কৰি সন্মান জনোৱা পৰিলক্ষিত হৈছে।
ইফালে কংগ্ৰেছ দলৰ পৰা অহা অৰবিন্দৰ সিং লাভলিক গান্ধী নগৰৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। বিজেপিৰ প্ৰথমখন তালিকাৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে যদি কোনো নেতাই আন দলৰ পৰা বিজেপিলৈ আহিব বিচাৰে তেন্তে তেওঁলোকক সম্পূৰ্ণ সন্মান জনোৱা হ’ব।
ইয়াৰ উপৰি আগন্তুক দিল্লী বিধানসভা নিৰ্বাচনত বিজেপি দলে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম ঘোষণা নকৰাকৈয়ে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব।
বিজেপিৰ প্ৰথমখন ২৯ জনীয়া প্ৰাৰ্থীৰ তালিকা তলত দিয়া হ’ল