ঝাৰখণ্ডত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ৰাজ্যখনৰ ৰাজধানী ৰাঁচী চহৰৰ কাংকে অঞ্চলত ভাৰতীয় জনতা পাৰ্টীৰ নেতা তথা জিলা পৰিষদৰ প্ৰাক্তন সদস্য অনিল টাইগাৰক কোনো অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে। বুধবাৰে বিয়লি প্ৰায় ৪.৩০ মান বজাত এই ঘটনাটো সংঘটিত হয়।
দিনৰ পোহৰতে এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হোৱাত অঞ্চলটোত এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হয়। ঘটনা সংঘটিত হোৱাৰ সময়ত বিজেপি নেতাগৰাকীয়ে বহি আছিল এখন হোটেলত। সেই সময়তে বাইকত অহা দুৰ্বৃত্তই নিচেই ওচৰৰ পৰা তেওঁক গুলীয়াই ঘটনাস্থলৰ পৰা পলায়ন কৰে।
এই ঘটনাৰ পিছতে ঘটনাস্থলত কাংকে আৰক্ষী উপস্থিত হৈ গুলীবিদ্ধ অনিল টাইগাৰক হাস্পতাললৈ লৈ যোৱা হয় যদিও পিছত তেওঁক চিকিসকে মৃত ঘোষণা কৰে।
ইফালে আৰক্ষীয়ে এই ঘটনাটো গুৰুত্বসহকাৰে গ্ৰহণ কৰি ক্ষীপ্ৰতাৰে অভিযান চলাই গুলীচালনা চলোৱা দুৰ্বৃত্তজনক গ্ৰেপ্তাৰ কৰে। কি কাৰণত এই ঘটনাটো সংঘটিত কৰিলে সেই কথা এই পৰ্যন্ত পোহৰলৈ অহা নাই।
উল্লেখ্য যে, এই হত্যাকাণ্ডৰ পিছতে স্থানীয় লোকসকল উত্তেজিত হৈ পৰে আৰু কাংকে থানা ঘেৰাও কৰি হত্যাকাৰী অভিযুক্তজনক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী জনায়।
জানিব পৰা অনুসৰি, ঝাৰখণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান অনুৰাগ গুপ্তাই ৰাজ্যখনৰ জিলা আৰক্ষী অধীক্ষকসমূহৰ লগত আইন-শৃংখলা পৰিস্থিতি সম্পৰ্কীয় বৈঠকত অংশ লৈ থকাৰ সময়তে এই হত্যাকাণ্ডৰ ঘটনাটো সংঘটিত হয়।