চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনত আম আদমী পাৰ্টি আৰু কংগ্ৰেছ ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে। ভাৰতীয় জনতা পাৰ্টিয়ে এই নিৰ্বাচনত জয়লাভ কৰিছে। এই বিজয়ৰ লগে লগে বিজেপিৰ হৰপ্ৰীত কৌৰ বাবলা মেয়ৰ হিচাপে নিৰ্বাচিত হয়।
সূত্ৰ অনুসৰি এই মেয়ৰ নিৰ্বাচনত আম আদমী পাৰ্টি আৰু কংগ্ৰেছৰ কাউন্সিলাৰসকলেও ক্ৰছ ভোটিং কৰিছে। এই নিৰ্বাচনত মুঠ ১৯টা ভোট লাভ কৰিছে বিজেপিয়ে। আনহাতে আম আদমী পাৰ্টি আৰু কংগ্ৰেছে মুঠ ১৭টা ভোট লাভ কৰে।
উল্লেখ্য যে, মুঠ ৩৬টা ভোটদান হৈছিল। চণ্ডীগড়ৰ নতুন জ্যেষ্ঠ উপ-মেয়ৰ হিচাপে নিৰ্বাচিত হৈছে কংগ্ৰেছৰ জছবীৰ বাণ্টী। বিজেপিৰ প্ৰাৰ্থী বিমলা ডুবেক পৰাস্ত কৰিছে জছবীৰ বাণ্টীয়ে।
বিজেপিৰ মুঠ ১৬ জন কাউন্সিলাৰ আছে, এনে পৰিস্থিতিত আম আদমী পাৰ্টি-কংগ্ৰেছৰ তিনিজন কাউন্সিলাৰে ক্ৰছ ভোট প্ৰদান কৰিছে। চণ্ডীগড় পৌৰ নিগমত আম আদমি পাৰ্টি আৰু কংগ্ৰেছৰ কাউন্সিলাৰৰ সংখ্যা হৈছে ১৩ আৰু ৬। ভোটদানৰ সময়ত সদনত মুঠ ৩৫ গৰাকী কাউন্সিলাৰ উপস্থিত আছিল।