শুকুৰবাৰে আৰক্ষীৰ এটা দলে অভিনেতা শ্বৈইফ আলী খানৰ সৈতে হোৱা নৃশংস আক্ৰমণৰ সময়ত ঘৰত উপস্থিত থকা পত্নী কৰীনা কাপুৰৰ বক্তব্য ৰেকৰ্ড কৰে।
কৰীনাই নিজৰ বিবৃতিত কয় যে, যেতিয়া আক্ৰমণ সংঘটিত হৈছিল তেতিয়া ঘৰত উপস্থিত থকা শিশু আৰু মহিলাসকলক ১২ নং মহলালৈ প্ৰেৰণ কৰা হৈছিল। শ্বেইফে হস্তক্ষেপ কৰাৰ বাবে আক্ৰমণকাৰীয়ে জাহাংগীৰৰ কাষ চাপিব নোৱাৰিলে।
তেওঁ লগতে কয় যে, আক্ৰমণকাৰীয়ে ঘৰৰ পৰা একো চুৰি কৰা নাছিল, তেওঁ অতি আক্ৰমণাত্মক আছিল। আক্ৰমণকাৰীয়ে শ্বেইফক কেইবাবাৰো আক্ৰমণ কৰিছিল। আক্ৰমণৰ পিছত তেওঁ যথেষ্ট ভয় খাইছিল, সেয়েহে ভগ্নি কৰিশ্মাই তেওঁক নিজৰ ঘৰলৈ লৈ গৈছিল।
অভিযুক্তই নাৰ্ছ লিমাক ঘৰত কটাৰীৰে ভাবুকি দি ১ কোটি টকা দাবী কৰে। শ্বেইফ আলী খানৰ ওপৰত আক্ৰমণৰ পিছতে নাৰ্ছগৰাকী আৰু কৰীনাই সহায় বিচাৰি চিঞৰি উঠে।
এই ঘটনাত মানসিক চাপত ভুগি আছে কৰীনা।ইফালে মুম্বাই আৰক্ষীয়ে বৰ্তমানেও শ্বেইফ আলী খানৰ বক্তব্য ল’ব পৰা নাই।
এই ঘটনাৰ ৪৮ ঘণ্টাৰো অধিক সময়ৰ পাছতো পলাতক অৱস্থাত থকা আক্ৰমণকাৰীৰ সন্ধান উলিয়াবলৈ আৰক্ষীয়ে ৩০টাতকৈও অধিক দল গঠন কৰিছে।