বলীউডৰ অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয়ে উচ্চতম ন্যায়ালয়ৰ পৰা লাভ কৰিছে বৃহৎ সকাহ। দৰাচলতে বম্বে উচ্চ ন্যায়ালয়ে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী, তেওঁৰ ভাতৃ শ্বোইক আৰু পিতৃ ইন্দ্ৰজিৎ চক্ৰৱৰ্তীৰ বিৰুদ্ধে লুক আউট জাননী বাতিল কৰাৰ নিৰ্দেশক সমৰ্থন কৰিছে উচ্চতম ন্যায়ালয়ে।
২০২০ চনত চিবিআইয়ে জাৰি কৰা এই জাননী চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত উচ্চ ন্যায়ালয়ে বাতিল কৰিছিল। একে সময়তে উচ্চতম ন্যায়ালয়েও ইয়াৰ বিৰুদ্ধে মহাৰাষ্ট্ৰ চৰকাৰৰ আবেদন নাকচ কৰিছে।
খবৰ অনুসৰি, ন্যায়াধীশ বি আৰ গাভাই আৰু কে ভি বিশ্বনাথনৰ বিচাৰপীঠে মৌখিকভাৱে কয় যে, এই লুক আউট আবেদনখন “তুচ্ছ” আৰু অভিযুক্তসকল “হাই-প্ৰফাইল” হোৱাৰ বাবেহে দাখিল কৰা হৈছে।
কিয় জাৰি কৰা হ’ল লুক আউট জাননী?
আচলতে প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ পৰিয়ালে অভিনেতাজনৰ মৃত্যুৰ তদন্তৰ দাবীত পাটনাত গোচৰ ৰুজু কৰিছিল আৰু ৰিয়া চক্ৰৱৰ্তীয়ে সুশান্তক আত্মহত্যাৰ বাবে উচটনি দিয়াৰ অভিযোগ উত্থাপন কৰিছিল। পিছত এই হাই প্ৰফাইল গোচৰটোৰ তদন্ত কৰিছিল চিবিআইয়ে।
এই গোচৰত চিবিআইয়ে ২০২০ চনৰ আগষ্ট মাহত অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে লুকা আউট নোটিচ জাৰি কৰিছিল। এই চক্ৰান্তটোক উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল ৰিয়া আৰু তেওঁৰ পৰিয়ালে।
ফেব্ৰুৱাৰী মাহত বোম্বাই উচ্চ ন্যায়ালয়ে ২০২০ চনত ৰিয়া চক্ৰৱৰ্তী আৰু তেওঁৰ পৰিয়ালৰ দুই সদস্যৰ বিৰুদ্ধে চিবিআইয়ে জাৰি কৰা এল অ’ চি বাতিল কৰিছিল। একে সময়তে চিবিআইয়ে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল। অৱশ্যে বৰ্তমান উচ্চতম ন্যায়ালয়েও উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশ মানি লয়।
উল্লেখ্য যে, বান্দ্ৰাৰ এটা এপাৰ্টমেণ্টত উদ্ধাৰ হৈছিল ৩৪ বছৰীয়া সুশান্ত সিং ৰাজপুতৰ মৃতদেহ। ইয়াৰ পিছত সুশান্তৰ পিতৃ কৃষ্ণ কিশোৰ সিঙৰ অভিযোগৰ পিছতেই মুম্বাই আৰক্ষী আৰু বিহাৰ আৰক্ষী দুয়োটাই তদন্ত আৰম্ভ কৰে। টিভিৰ পৰাই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল সুশান্তই আৰু তাৰ পিছত বলীউডত বহু ছবি কৰি নিজৰ নাম উজলাইছিল। সুশান্তৰ শেষৰখন ছবি আছিল দিল বেচাৰা।