বড়োভূমিৰ ৰাজনীতিৰ ডাঙৰ খবৰ পোহৰলৈ আহিছে। BTC নিৰ্বাচনৰ পূৰ্বেই ডাঙৰ ৰাজনৈতিক পট পৰিৱৰ্তন হৈছে।
অৱশেষত দল ত্যাগ কৰিলে বিপিএফৰ প্ৰতিষ্ঠাকালৰ নেতা খাম্পা বৰগয়াৰীয়ে। সুদীৰ্ঘ দুই দশকৰো অধিক কাল বিপিএফত সেৱা আগবঢ়াইছিল নেতাগৰাকীয়ে। বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ সংগ ত্যাগ কৰি এৰিলে BPF দল। শীঘ্ৰেই UPPLত যোগদান কৰাৰ সম্ভাৱনা খাম্পা বৰগয়াৰীৰ ।
বিপিএফৰ সভাপতি মহিলাৰীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি তেওঁ কয় যে, ২০ বছৰৰ এক অবিশ্বাস্য যাত্ৰাৰ অন্তত তেওঁ বড়োলেণ্ড পিপলছ ফ্ৰণ্ট (বিপিএফ)ৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছে। এই সিদ্ধান্তটো সহজ নাছিল, কিয়নো এই দুটা দশক ধৰি তেওঁৰ দলটোৰ সৈতে অগণন স্মৃতি, অভিজ্ঞতা আছে।
বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ সৈতে এই সমগ্ৰ যাত্ৰাত তেওঁৰ কাষত থিয় দিয়া বিপিএফৰ সকলো নেতা, সদস্য আৰু সমৰ্থকলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। ইয়াৰ লগতে তেওঁ সমাজৰ প্ৰগতি আৰু কল্যাণৰ দিশত কাম কৰি যাব বুলি জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে, দীৰ্ঘদিন ধৰি দলীয় কামকাজৰ পৰা আঁতৰি আছিল খাম্পা বৰগয়াৰী। দেওবাৰে বিপিএফৰ উপ-সভাপতি তথা দলীয় প্ৰাথমিক সদস্যৰ পৰাও পদত্যাগ কৰে তেওঁ। বিগত লোকসভা নিৰ্বাচনত কোকৰাঝাৰ সমষ্টিৰ প্ৰাৰ্থী আছিল বিপিএফৰ এই জ্যেষ্ঠ নেতাগৰাকী। বিটিআৰ নিৰ্বাচনৰ পূৰ্বে খাম্পা বৰগয়াৰীৰ পদত্যাগ বিটিআৰৰ ৰাজনীতিৰ বাবে বিশেষভাৱে তাৎপৰ্যপূৰ্ণৰূপে বিবেচিত হৈছে। এক বিশেষ সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি, ৭ ফেব্ৰুৱাৰীত খাম্পা বৰগয়াৰীয়ে UPPLত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।