কাইলৈ অৰ্থাৎ ১৬ জানুৱাৰীত কংগ্ৰেছ এৰি পুনৰ বিপিএফত যোগদান কৰিব বিপিএফৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰবীণ বড়োই। ১৫ মাহ পূৰ্বে কংগ্ৰেছত যোগ দিছিল বিপিএফৰ এই প্ৰাক্তন সাধাৰণ সম্পাদকগৰাকীয়ে।
নেতৃত্বৰ ওচৰত অৱহেলিত হৈয়েই কংগ্ৰেছ এৰাৰ সিদ্ধান্ত লৈছে এই নেতাজনে।
আছুৰ একালৰ সভাপতি প্ৰবীণ বড়োই ২০০৬ চনত অগপত যোগদান কৰিছিল। আকৌ ২০০৮ চনত তেওঁ অগপ এৰিছিল
২০০৯ চনত বিপিএফত যোগ দি দীৰ্ঘ ১৩ বছৰ দলটোৰ সৈতে জড়িত হৈ আছিল। ২০২৩ চনৰ শেষৰ ফালে কংগ্ৰেছত যোগদান কৰিছিল এই জাতীয়তাবাদী নেতাজনে।
বৃহস্পতিবাৰে কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত আনুষ্ঠানিকভাৱে বিপিএফত যোগদান কৰিব প্ৰবীণ বড়োই।