পঞ্জাৱৰ মোহালীৰ সোহানা নামৰ এখন গাঁৱত আজি হঠাৎ এটা চাৰি মহলীয়া অট্টালিকা খহি পৰাৰ ফলত অঞ্চলটোত আতংকময় পৰিৱেশৰ সৃষ্টি হয়। ঘটনাৰ পিছতে স্থানীয় ৰাইজৰ লগতে বহু সংখ্যক লোকে সেই স্থানত উপস্থিত হৈ সাহায্য আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। নিৰাপত্তাৰক্ষী আৰু স্থানীয় প্ৰশাসনে সেই স্থানত উপস্থিত হৈ উদ্ধাৰ কামত নিয়োজিত হৈছে।
এই ভৱনটো শেহতীয়াকৈ নিৰ্মাণ কৰা হৈছিল আৰু ইয়াত এটা ৰয়েল জিমো চলি আছিল। আশংকা কৰা হৈছে যে এই ঘটনাৰ সময়ত মানুহে জিমত ব্যায়াম কৰি আছিল, যাৰ বাবে জীৱন আৰু সম্পত্তিৰ যথেষ্ট ক্ষয়-ক্ষতি হোৱাৰ সম্ভাৱনা আছে।
কি কাৰণত এই ঘটনা সংঘটিত হ’ল সেই কথা এতিয়াও জানিব পৰা হোৱা নাই। সাহায্য আৰু উদ্ধাৰৰ কাম চলি আছে যদিও এই দুৰ্ঘটনাত কিমান লোক হতাহত হৈছে সেয়া এতিয়াও আৰক্ষী-প্ৰশাসনে প্ৰকাশ পৰা নাই।