উত্তৰাখণ্ডৰ কুমাওন সংমণ্ডলত নৱবৰ্ষ উদযাপনৰ ঠিক পূৰ্বে বুধবাৰে সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। ভীমতাল-ৰাণীবাগ পথৰ আমদলিৰ সমীপত হালদ্বানী ৰোডৱেজৰ এখন বাছ নিয়ন্ত্ৰণহীন হৈ প্ৰায় ১৫০০ ফুট দ’ খাৱৈত পৰি যায়।
এই দুৰ্ঘটনা ইমানেই ভয়াৱহ আছিল যে বাছখনত যাত্ৰা কৰা ২৮ জন লোকৰ মাজত এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয়। ইয়াৰে দুগৰাকী মহিলা আৰু এটা শিশুসহ চাৰিজন লোকৰ থিতাতে মৃত্যু হয়। বাকী ২৪ জন লোক গুৰুতৰভাৱে আহত হৈছে।
তথ্য লাভ কৰাৰ লগে লগে সাহায্য আৰু উদ্ধাৰকাৰী দলে সেই স্থানত উপস্থিত হৈ সকলো আহতক খাৱৈৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায়।
দুৰ্ঘটনাটো ইমানেই দূৰ্গম অঞ্চলত সংঘটিত হৈছে যে উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান চলোৱাত যথেষ্ট কষ্টকৰ হয়। ৰচীৰ সহায়েৰে পাহাৰৰ তলত গৈ যাত্ৰীসকলক উদ্ধাৰ কৰে। আৰক্ষী প্ৰশাসনে জনোৱা অনুসৰি আহতসকলক সমীপৱৰ্তী হাস্পতালত ভৰ্তি কৰোৱা হয়।
ভয়ংকৰ দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি ঘটনাস্থললৈ ১৫খনৰো অধিক এম্বুলেন্স পঠিওৱাৰ লগতে হাস্পতালসমূহক এলাৰ্ট মোডত ৰখা হৈছে।