কানাডাত সংঘটিত হৈছে আন এক গুলীচালনাৰ ঘটনা। এইবাৰ লৰেন্স বিষ্ণোই গেঙে সংঘটিত কৰিলে এই অপৰাধ। লৰেন্স গেংৰ সদস্য গোল্ডি ডিলনে এই গুলীচালনাৰ দায়িত্ব স্বীকাৰ কৰিছে। গোল্ডিয়ে কয় যে, নাট্টনক সতৰ্কবাণী হিচাপে পাঞ্জাবী গায়িকা চান্নী নাট্টনৰ ঘৰত আক্ৰমণ কৰা হৈছিল।
লৰেন্স গেঙে দাবী কৰিছে যে, পাঞ্জাবী গায়িকা চান্নী নাট্টনৰ প্ৰতি তেওঁলোকৰ কোনো ব্যক্তিগত শত্ৰুতা নাই যদিও এই গুলীচালনাৰ উদ্দেশ্য আছিল নাট্টনক কঠোৰ সতৰ্কবাণী প্ৰেৰণ কৰা। লৰেন্স গেঙে দাবী কৰিছে যে, চান্নী নাট্টন বৰ্তমান গায়ক চৰ্দাৰ খেহৰাৰ সৈতে ক্ৰমান্বয়ে ঘনিষ্ঠ হৈ পৰিছে আৰু তেওঁলোকে তেওঁৰ ক্ষতি কৰাৰ মনস্থ কৰিছে।
কানাডাত লৰেন্স গেঙে অসংখ্য আক্ৰমণ সংঘটিত কৰিছে। ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে গুলীচালনাৰ দায়িত্ব স্বীকাৰ কৰে। লৰেন্স গেঙৰ সদস্য গোল্ডি ধিলনে পোষ্টটোত লিখিছে যে, গায়ক চান্নী নাট্টনৰ ঘৰত গুলীচালনাৰ আঁৰৰ দোষী চৰ্দাৰ খেহৰা। যদি কোনো গায়কে চৰ্দাৰ খেহৰাৰ সৈতে কাম কৰে বা কোনো সম্পৰ্ক ৰাখে তেন্তে তেওঁলোকৰ ক্ষতিৰ বাবে তেওঁলোক নিজেই দায়ী হ’ব। লৰেন্স বিষ্ণোই গেঙে চৰ্দাৰ খেহৰাৰ ক্ষতি কৰি যাব। চান্নী নাট্টনৰ সৈতে লৰেন্স গেঙৰ কোনো ব্যক্তিগত শত্ৰুতা নাই।
গোল্ডি ডিলনক লৰেন্স গেঙৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সদস্য হিচাপে গণ্য কৰা হয় আৰু তেওঁ অসংখ্য আক্ৰমণৰ কৰিছে।










