কেন্সাৰৰ দৰে গুৰুতৰ ৰোগ সন্দৰ্ভত ৰাছিয়াই এক ডাঙৰ দাবী কৰিছে। ৰাছিয়াই কয় যে তেওঁলোকে কেন্সাৰ ভেকচিন তৈয়াৰ কৰিছে। সকলো ৰোগীয়ে এই ভেকচিন বিনামূলীয়াকৈ লাভ কৰিব।
ৰাছিয়াই দাবী কৰিছে যে, এই ভেকচিনে টিউমাৰ বৃদ্ধি ৰোধ কৰিব পাৰে। বৰ্তমান সমগ্ৰ বিশ্বই কৰ্কট ৰোগৰ দৰে গুৰুতৰ ৰোগত অশান্তি পাই আহিছে। এনে পৰিস্থিতিত ৰাছিয়াৰ এই দাবী সমগ্ৰ বিশ্বৰ বাবে সকাহৰ খবৰ।
ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি, ২০২৫ চনৰ আৰম্ভণিতে মুকলি কৰা হ’ব এই কৰ্কট ৰোগৰ ভেকচিন। ৰাছিয়াত কেন্সাৰ ৰোগীক বিনামূলীয়াকৈ চিকিৎসা কৰা হ’ব। ৰেডিঅ’লজি মেডিকেল ৰিচাৰ্চ চেণ্টাৰৰ জেনেৰেল ডাইৰেক্টৰ আন্দ্ৰে কেপ্ৰিনে এই ভেকচিনৰ বিষয়ে তথ্য প্ৰদান কৰে।
কিন্তু বৰ্তমান সময়ত এই ভেকচিন কৰ্কট ৰোগৰ কোনটো অংশৰ চিকিৎসাৰ বাবে প্ৰস্তুত কৰা হৈছে আৰু ই কিমান ফলপ্ৰসূ সেয়া স্পষ্ট হোৱা নাই।
অৱশ্যে বৰ্তমানেও এই ভেকচিনৰ নাম এতিয়াও প্ৰকাশ কৰা হোৱা নাই। আচলতে বিশ্বৰ বাকী অংশৰ দৰেই ৰাছিয়াতো কেন্সাৰৰ প্ৰাদুৰ্ভাৱ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ২০২২ চনত ৬ লাখ ৩৫ হাজাৰৰো অধিক এই ৰোগ ধৰা পৰাৰ গোচৰ ৰুজু হৈছে। কলন’, স্তন আৰু হাওঁফাওঁৰ কৰ্কট ৰোগ ৰাছিয়াত এই ৰোগৰ আটাইতকৈ সাধাৰণ ৰূপ বুলি বিশ্বাস কৰা হয়। এই ভেকচিনৰ বিষয়ে কোৱা হৈছে যে, এই ভেকচিনে কেৱল টিউমাৰৰ বৃদ্ধিৰ গতি হ্ৰাস কৰাই নহয়, ইয়াৰ আকাৰো হ্ৰাস কৰিব পাৰিব।