আজি দেশজুৰি মুক্তি লাভ কৰিছে আল্লু অৰ্জুনৰ বহু প্ৰতিক্ষীত ছবি পুষ্পা ২: দ্যা ৰুল। মুক্তিৰ এদিন পূৰ্বে অৰ্থাত ৪ ডিচেম্বৰত হায়দৰাবাদত অনুষ্ঠিত হয় ছবিখনৰ প্ৰিমিয়াৰ। প্ৰিমিয়াৰ চলি থকা সন্ধ্যা ছবিগৃহৰ বাহিৰত অসংখ্য লোকৰ সমাগম হয় আৰু সেই সময়তে হোৱা ঠেলা-হেঁচাত এগৰাকী ৩৯ বছৰীয়া মহিলা অচেতন হৈ পৰে আৰু পিছত মৃত্যুমুখত পৰে।
মৃত মহিলা দুগৰাকীৰ দুটা সন্তানো এই কৰুণ ঘটনাত গুৰুতৰভাৱে আহত হয় আৰু তেওঁলোক সম্প্ৰতি চিকিসাধীন হৈ আছে। এই ঘটনা সন্দৰ্ভত এতিয়া ছবিখনৰ নায়ক আল্লু অৰ্জুনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু হৈছে।
উল্লেখ্য যে, ছবিখনৰ প্ৰিমিয়াৰ চাবলৈ আল্লু অৰ্জুনৰ সৈতে বহু লোকে ছবিগৃহত প্ৰৱেশৰ চেষ্টা চলাইছিল। যথেষ্ট লোকৰ সমাগম হোৱাত ঘটনাস্থলিত এক অদ্ভুট পৰিৱেশৰ সৃষ্টি হয় আৰু দৰ্শকসকলক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠীচালনাও কৰিবলৈ বাধ্য হয়।
যথেষ্ট সমাগমৰ বাবে শ্বাহৰুদ্ধ হৈ মৃত্যুমুখত পৰা মহিলাগৰাকীয়ে নিজৰ দুই সন্তান আৰু স্বামীৰ সৈতে ছবিখনৰ প্ৰিমিয়াৰ চাবলৈ সন্ধ্যা ছবিগৃহলৈ গৈছিল।
আৰক্ষীয়ে আল্লু অৰ্জুনৰ বিৰুদ্ধে তেওঁৰ নিৰাপত্তাৰক্ষীৰ দল আৰু সন্ধ্যা ছবিগৃহৰ মেনেজমেণ্টৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। এই গোচৰটো মৃত মহিলাগৰাকীৰ পৰিয়ালে আল্লু অৰ্জুনৰ বিৰুদ্ধে দাখিল কৰিছে।
অভিযোগৰ ভিত্তিত হায়দৰাবাদৰ চিক্কাডপল্লী থানাত আই পি চিৰ ১০৫ আৰু ১১৮ (১) ধাৰাত গোচৰ ৰুজু কৰা হৈছে।
ইফালে প্ৰিমিয়াৰত আল্লু অৰ্জুনৰ আগমনৰ আগতীয়া তথ্য নিদিয়াৰ লগতে ভিৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপন কৰিছে চিনেমা হলৰ পৰিচালনা সমিতিয়ে।