এটা চুটকেছক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। ৰেলৱে প্লেটফৰ্মত পিতৃ-কন্যাই চোঁচৰাই নিছে এটি চুটকেছটো। চুটকেছটোৰ পৰা নিগৰি গৈছে তেজৰ টোপাল।
ইয়াৰ পিছতে ষ্টেচনত থকা যাত্ৰীসকলে আতংকিত হৈ হোৱা-দুৱা লগায়। লগে লগে উপস্থিত যাত্ৰীসকলে খবৰ দিয়ে ৰেল আৰক্ষীক।
ইফালে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে চুটকেছ কঢ়িয়াই নিয়া পিতৃ-কন্যাৰ সৈতে সোধ-পোঁচ আৰম্ভ কৰে। প্ৰথম অৱস্থাত দুয়োৱে চুটকেছত কেৱল কাপোৰহে আছে বুলি কয়। তথাপিও আৰক্ষীৰ সন্দেহ হোৱাত চুটকেছটো খুলিবলৈ নিৰ্দেশ দিয়ে।
পিছে চুটকেছটো খোলাৰ পিছতেই ওলাই পৰে উৰহি গছৰ ওৰ। আৰক্ষীয়ে চুটকেছটোৰ পৰা উদ্ধাৰ কৰে এগৰাকী মহিলাৰ মৃতদেহ। লগে-লগে ষ্টেচনটোত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ।
উল্লেখ্য যে, ৪৩ বছৰীয়া সোণাৰ বালাসুব্ৰমণিয়ম নামৰ লোক এজনে তেওঁৰ চুবুৰীতে বাস কৰা এগৰাকী মহিলাক সোণৰ অলংকাৰৰ বাবে হত্যা কৰে।ইফালে নিহত মহিলাগৰাকী ৬৫ বছৰীয়া মন্নম ৰমানী বুলি চিনাক্ত কৰা হয়।
এই হত্যাকাণ্ড লুকুৱাই ৰখাৰ উদ্দেশ্যে নিজ কন্যাৰ সৈতে মিলি মানুহজনে মৃতদেহটো চুটকেছত ভৰাই লৈ যায়।কিন্তু ষ্টেচনত থকা যাত্ৰীৰ তৎপৰতাত সমগ্ৰ ঘটনা পোহৰলৈ আহে। সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
ইতিমধ্যে আৰক্ষীয়ে আটক কৰা বালাসুব্ৰমণিয়মে এই ঘটনাৰ সত্যতা স্বীকাৰ কৰিছে। চেন্নাইৰ মিঞ্জুৰ ৰেলৱে ষ্টেচনত ৪ দিন পূৰ্বে এই শিহৰণকাৰী ঘটনা সংঘটিত হয়।