ছত্তীশগড়ৰ নাৰায়ণপুৰ-বিজাপুৰ-দন্তেৱাড়া জিলাৰ সীমান্তৱৰ্তী অঞ্চলত নিৰাপত্তাৰক্ষীয়ে ২৭জন মাওবাদীক নিহত কৰিছে। ২১ মে’ অৰ্থাত বুধবাৰে এই তথ্য প্ৰদান কৰে আৰক্ষী বিষয়াসকলে।
খবৰ অনুসৰি এই সংঘৰ্ষত নিৰাপত্তা বাহিনীৰ হাতত নিহত হৈছে নক্সালৰ শীৰ্ষ সেনাধ্যক্ষ তথা চিপিআই মাওবাদী সাধাৰণ সম্পাদক নম্বালা কেশৱ ৰাও ওৰফে বাসৱৰাজু।
এই অভিযানৰ অন্তত ছ’চিয়েল মিডিয়াৰ জৰিয়তে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰাপত্তা বাহিনীক প্ৰশংসা কৰা পৰিলক্ষিত হৈছে।
আৰক্ষী বিষয়াসকলে জনোৱা মতে, এই ঘটনাত এজন নিৰাপত্তাৰক্ষী শ্বহীদ হোৱাৰ লগতে আন একাংশ জোৱান আহত হয়। এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰত লিখিছে যে এই উল্লেখযোগ্য সফলতাৰ বাবে আমি আমাৰ সেনাক লৈ গৌৰৱ অনুভৱ কৰিছো। আমাৰ চৰকাৰে মাওবাদৰ ভাবুকি দূৰ কৰি আমাৰ জনসাধাৰণৰ বাবে শান্তি আৰু প্ৰগতিৰ জীৱন নিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।
প্ৰধানমন্ত্ৰী মোদীৰ উপৰি গৃহমন্ত্ৰী অমিত শ্বাহে টুইট কৰি কয় যে ছত্তীশগড়ৰ নাৰায়ণপুৰত আমাৰ নিৰাপত্তা বাহিনীয়ে চিপিআই-মাওবাদী সাধাৰণ সম্পাদক, নক্সাল আন্দোলনৰ শীৰ্ষ নেতা নম্বালা কেশৱ ৰাও ওৰফে বাসৱৰাজুকে ধৰি ২৭ জন মাওবাদীক হত্যা কৰিছে। নক্সালবাদৰ বিৰুদ্ধে ভাৰতৰ তিনি দশকৰ যুজত আমাৰ নিৰাপত্তা বাহিনীয়ে প্ৰথমবাৰৰ বাবে সাধাৰণ সম্পাদক পৰ্যায়ৰ শীৰ্ষ নেতাক হত্যা কৰিছে। এই মহান সফলতাৰ বাবে আমাৰ সাহসী নিৰাপত্তা বাহিনী আৰু সংস্থাসমূহক প্ৰশংসা কৰিছো।
উল্লেখ্য যে, অপাৰেচন ব্লেক ফৰেষ্ট সম্পূৰ্ণ হোৱাৰ পিছত ছত্তীশগড়, তেলেংগানা আৰু মহাৰাষ্ট্ৰত ৫৪ জন মাওবাদীক গ্ৰেপ্তাৰ কৰাৰ লগতে ৮৪ জন মাওবাদীয়ে আত্মসমৰ্পণ কৰিছে।