ছত্তীশগড়ৰ দন্তেৱাড়া জিলাত মাওবাদীৰ বিৰুদ্ধে চলোৱা অভিযানত নিৰাপত্তা বাহিনীয়ে বৃহৎ সফলতা লাভ কৰিছে। বিজাপুৰ আৰু তেলেংগানাৰ সীমান্তত নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ মাজত হোৱা সংঘৰ্ষত ১২ জন মাওবাদী নিহত হৈছে। বৰ্তমানো নিৰাপত্তা বাহিনীয়ে অঞ্চলটো সম্পূৰ্ণৰূপে ঘেৰাও কৰি ৰাখিছে।
তিনিখন জিলাৰ জোৱানে বিজাপুৰ আৰু তেলেংগানাৰ সীমান্তত মাওবাদীৰ বিৰুদ্ধে এই বৃহৎ অভিযান চলায়। বিজাপুৰৰ মাৰুঢবাকা আৰু পূজাৰী কাংকেৰ অঞ্চলত পুৱা ৯ বজাৰ পৰা নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ মাজত এনকাউণ্টাৰ আৰম্ভ হয়।
মাওবাদীৰ বৃহৎ কেডাৰৰ উপস্থিতিৰ তথ্যৰ ভিত্তিত ডি আৰ জি বিজাপুৰ, ডি আৰ জি সুকমা, ডি আৰ জি দন্তেৱাড়া, কোব্ৰা ২০৪, ২০৫, ২০৬, ২০৮, ২১০ আৰু চি আৰ পি এফ ২২৯ বেটেলিয়নৰ যৌথ দলে এতিয়াও অভিযান চলাই আছে।
উল্লেখ্য যে, বৃহস্পতিবাৰে বিজাপুৰ জিলাত মাওবাদীয়ে সংস্থাপন কৰা থোৱা আই ই ডি বিস্ফোৰণত চি আৰ পি এফৰ কোব্ৰা ইউনিটৰ দুজন কমাণ্ডো আহত হয়।