বাংগালুৰৰ এন চিন্নাস্বামী ষ্টেডিয়ামৰ বাহিৰত হোৱা মৰ্মান্তিক ঘটনাক লৈ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়ে এক ডাঙৰ ঘোষণা কৰিছে। এই কৰুণ ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ ঘোষণা কৰা আৰ্থিক সাহায্যৰ পৰিমাণৰ সংখ্যা ২৫ লাখলৈ বৃদ্ধি কৰিছে।
প্ৰথম অৱস্থাত ৰাজ্য চৰকাৰে মৃত লোকসকলৰ পৰিয়াললৈ ১০ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছিল। কিন্তু ঘটনাটো অতি দুখজনক আৰু স্পৰ্শকাতৰ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীয়ে সাহায্যৰ পৰিমান বৃদ্ধিৰ ঘোষণা কৰিছে।
ইয়াৰ উপৰি ভুক্তভোগী লোকসকলৰ পৰিয়াললৈ শীঘ্ৰেই এই ধনৰাশি প্ৰদান কৰিবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে।
উল্লেখ্য যে, আৰ চি বিয়ে প্ৰথমবাৰৰ বাবে আই পি এলৰ খিতাপ দখলৰ পাছতেই দলটোক সন্মান জনোৱাৰ উদ্দেশ্যে বাংগালুৰুত আয়োজন কৰা হৈছিল বিজয় উৎসৱ। এই সময়তে এম চিন্নাস্বামী ষ্টেডিয়ামৰ সন্মুখত অজস্ৰ লোকৰ সমাগম হোৱাত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় আৰু ঘটনাত ১১ গৰাকী লোকৰ মৃত্যু হয় আৰু ৫০ৰো অধিক লোক গুৰুতৰভাৱে আহত হৈছিল।