দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব ভাৰ গ্ৰহণ কৰিব ন্যায়াধীশ সঞ্জীৱ খান্নাই। ১১ নৱেম্বৰত মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিব ন্যায়াধীশ সঞ্জীৱ খান্নাই।
বৃহস্পতিবাৰে মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হয় খান্নাক।দেশৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশৰূপে শপত গ্ৰহণ কৰিব খান্নাই।
ইয়াৰ এদিন পূৰ্বে অৰ্থাৎ ১০ নৱেম্বৰত কাৰ্যকাল সমাপ্ত হ’ব বৰ্তমানৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ।
২০২২ চনৰ ৮ নৱেম্বৰত ডি ৱাই চন্দ্ৰচুড়ে মুখ্য ন্যায়াধীশৰ দায়িত্ব গ্ৰহণ কৰিছিল। ন্যায়াধীশ সঞ্জীৱ খান্নাৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যকাল ছমাহতকৈ অলপ বেছি হ’ব। অহা বছৰৰ ১৩ মে’ত তেওঁ কাৰ্যভাৰৰ পৰা অৱসৰ ল’ব।
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্ট কৰিছে আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে। এই কথাত তেওঁ কয় যে, ভাৰতৰ সংবিধানে দিয়া ক্ষমতা ব্যৱহাৰ কৰি দেশৰ ৰাষ্ট্ৰপতিয়ে বৰ্তমানৰ মুখ্য ন্যায়াধীশৰ সৈতে আলোচনা কৰি ২০২৪ চনৰ ১১ নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জীৱ খান্নাক দেশৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়ে।
শেহতীয়াকৈ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে তেওঁৰ উত্তৰাধিকাৰীৰ পৰামৰ্শ দিছিল। তেওঁ কেন্দ্ৰীয় চৰকাৰলৈ এখন চিঠি লিখিছিল। ইয়াত মুখ্য ন্যায়াধীশৰ উত্তৰাধিকাৰী হিচাপে ন্যায়াধীশ খান্নাৰ নাম প্ৰস্তাৱ কৰা হৈছিল।
২০১৯ চনৰ জানুৱাৰী মাহত ন্যায়াধীশ খান্নাক দিল্লী উচ্চ ন্যায়ালয়ৰ পৰা উচ্চতম ন্যায়ালয়লৈ উন্নীত কৰা হৈছিল।
ন্যায়াধীশ সঞ্জীৱ খান্না কোন?
১৯৬০ চনৰ ১৪ মে’ত জন্মগ্ৰহণ কৰা খান্নাই দিল্লী বিশ্ববিদ্যালয়ৰ কেম্পাছ ল চেণ্টাৰৰ পৰা আইন অধ্যয়ন কৰিছিল। ১৯৮৩ চনত তেওঁ নিজকে দিল্লী বাৰ কাউন্সিলত উকীল হিচাপে পঞ্জীয়ন কৰে। প্ৰথমতে তেওঁ তিছ হাজাৰী ক’ৰ্টত প্ৰেকটিছ কৰিছিল। ইয়াৰ পিছত তেওঁ উচ্চ ন্যায়ালয়ত প্ৰেকটিছ কৰিবলৈ আৰম্ভ কৰে। ন্যায়াধীশ খান্না ১৪ বছৰ ধৰি দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আছিল। ২০২৩ চনৰ ১৭ জুনৰ পৰা ২০২৩ চনৰ ২৫ ডিচেম্বৰলৈ তেওঁ উচ্চতম ন্যায়ালয়ৰ আইনী সেৱা সমিতিৰ অধ্যক্ষ আছিল।