অসম প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ তথা লোকসভাত কংগ্ৰেছৰ উপ-দলপতি গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত বুধবাৰে সন্ধিয়া মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত প্ৰতিবেদন দাখিল কৰিছে বিশেষ তদন্তকাৰী গোট অৰ্থাত এছ আই টিয়ে।
মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ আৰক্ষী অধীক্ষক ৰ’জি কলিতাৰ নেতৃত্বত গঠন কৰা তদন্তকাৰী দলটোৱে দাখিল কৰা প্ৰতিবেদন সন্দৰ্ভত আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এক বিশেষ আৱেগভৰা প’ষ্ট কৰিছে।
সামাজিক মাধ্যমযোগে শ্বেয়াৰ কৰা প’ষ্টটোত মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘এছ আই টি প্ৰতিবেদন! এখন ৯৬ পৃষ্ঠাজোৰা দস্তাবেজ- সীমিত সমলেৰে প্ৰস্তুত কৰা যদিও এই প্ৰতিবেদনখনে বহু সত্য উন্মোচন কৰিছে। প্ৰতিবেদনখনৰ কেইটামান বিশেষ বাক্যই মনটো গধুৰ কৰি তুলিলে, আৰু ভাবিবলৈ বাধ্য কৰালে যে কিমান সহজে মানুহে শিপা পাহৰি কেৱল নিজৰ অভিপ্ৰায় সিদ্ধিৰ বাবে উত্তৰ প্ৰজন্মৰ ভৱিষ্যতকো বিনিময় কৰিবলৈ কুণ্ঠাবোধ নকৰে।’
মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয়, ‘আমাৰ দুখ এগৰাকী পিতৃৰ পতনৰ বাবে নহয় দুটি নিষ্পাপ সন্তানৰ ভৱিষ্যতৰ কণ্ঠ মূক কৰি তোলাক লৈহে। সেই দুটি সন্তানৰ পৰা কি কাঢ়ি নিয়া হৈছে- তাক উপলব্ধি কৰিবলৈও তেওঁলোকৰ বয়স কম। মোৰ প্ৰাৰ্থনা তেওঁলোকৰ সৈতে সদায় থাকিব।’
মুখ্যমন্ত্ৰীৰ এই বিশেষ প’ষ্টৰ পৰা এটা কথা স্পষ্ট হৈছে যে গৌৰৱৰ পাকিস্তান লিংক সন্দৰ্ভত এছ আই টিয়ে দাখিল কৰা প্ৰতিবেদনত গভীৰ তথ্য সন্নিবিষ্ট হৈ আছে।