গুজৰাটৰ পোৰবন্দৰত দুৰ্ঘটনাগ্ৰস্ত হৈছে ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ এখন হেলিকপ্টাৰ। এই দুৰ্ঘটনাত এতিয়ালৈকে ৩ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, প্ৰশিক্ষণৰ সময়ত হেলিকপ্টাৰখন দুৰ্ঘটনাত পতিত হয়।
ইফালে এই ঘটনাৰ লগে লগে উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ ক্ষীপ্ৰতাৰে উদ্ধাৰ কাৰ্য চলায়।
সংবাদ সংস্থা এ এন আইৰ মতে, আজি পোৰবন্দৰত এডভান্সড লাইট হেলিকপ্টাৰ (এ এল এইচ) ধ্ৰুৱৰ প্ৰশিক্ষণ চলি আছিল। কিন্তু হঠাতে যান্ত্ৰিক বিজুতি ঘটি এখন পথাৰত ভূপতিত হয় হেলিকপ্টাৰখন। ইয়াৰ পিছতেই লগে লগে দপ দপকৈ জ্বলি উঠে হেলিকপ্টাৰখন।
দুৰ্ঘটনাৰ পিছত পাইলটজনে প্ৰাণ বচাবৰ বাবে বাহিৰত জাঁপ দিছিল যদিও তেওঁৰো মৃত্যু হয়। ঘটনাটোত আন দুজন লোকৰো মৃত্যু হয়।
এই দুৰ্ঘটনাত আহত হোৱা আন লোকসকলক শীঘ্ৰে উদ্ধাৰ কৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। বৰ্তমান তাতেই তেওঁলোকৰ চিকিৎসা চলি আছে।
উপকূলৰক্ষী বাহিনীৰ এই হেলিকপ্টাৰখন কিয় দুৰ্ঘটনাগ্ৰস্ত হ’ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। যান্ত্ৰিক বিসংগতি বা আন কোনো কাৰণ আছিল নেকি সেইটো নিৰ্ণয়ৰ বাবে তদন্ত আৰম্ভ কৰা হৈছে।