দেওবাৰে আহমেদাবাদৰ কনচাৰ্টৰ সময়ত কল্ডপ্লেৰ ফ্ৰন্টমেন ক্ৰীছ মাৰ্টিনে ভাৰতীয়ৰ হৃদয় জয় কৰিবলৈ সক্ষম হয়। অনুষ্ঠানৰ সময়ত তেওঁ ‘বন্দে মাতৰম’ আৰু ‘মা তুঝে চালাম’ গীত গাই সকলোকে ৭৬ সংখ্যক গণৰাজ্য দিৱসৰো শুভেচ্ছা জনায়। তেওঁৰ প্ৰদৰ্শনে দৰ্শকক মোহিত কৰিছিল, তাৰ পিছত সমগ্ৰ কনচাৰ্টত দৰ্শকৰ গুঞ্জৰিত হাতচাপৰিৰে প্ৰতিধ্বনিত হয়।
ক্ৰীছ মাৰ্টিনে ভাৰত মাতা কো চালামৰ সৈতে কনচাৰ্টৰ সামৰণি মাৰি সকলোকে গণৰাজ্য দিৱসৰ শুভেচ্ছা জনায়। কনচাৰ্টৰ সময়ত আন এক বিশেষ মুহূৰ্তত ক্ৰীছে ভাৰতীয় ক্ৰিকেটাৰ যশপ্ৰীত বুমৰাহলৈ উৎসৰ্গা কৰিলে এটি সুন্দৰ গীত।
আহমেদাবাদৰ কনচাৰ্টত ক্ৰীছে হিন্দী ভাষাত দৰ্শক সম্ভাষণ জনোৱাৰ লগতে ইয়াৰ পূৰ্বে ২৫ জানুৱাৰীত ক্ৰীছেও গুজৰাটী ভাষাত অনুৰাগীসকলক সম্বোধন কৰিছিল। ইয়াৰ বাবেই ভাৰতীয় দৰ্শকৰ মাজত তেওঁৰ জনপ্ৰিয়তা বাঢ়িছে।
ডিজনী প্লাছ হটষ্টাৰ ইনষ্টাগ্ৰাম হেণ্ডেলত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত কল্ডপ্লেৰ ফ্ৰন্টমেন ক্ৰীছে ৰাষ্ট্ৰীয় গীতটো গোৱা দেখা গৈছে। দেওবাৰৰ এই অনুষ্ঠানটো ডিজনী প্লাছ হটষ্টাৰত লাইভ ষ্ট্ৰীম কৰা হয়। ইয়াৰ পূৰ্বে ভাৰতীয় গায়িকা জেছলিন ৰয়েলে মঞ্চত কল্ডপ্লেৰ ফ্ৰন্টমেন ক্ৰীছ মাৰ্টিনৰ সৈতে যোগ দি এটা যুটি গীত গায়, যিটো আছিল বেণ্ডটোৰ শেহতীয়া এলবাম মুন মিউজিকৰ ট্ৰেক ‘উই প্ৰে’।