ৰাজস্থানৰ ৰাজসামন্দৰত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা।এটি এবছৰীয়া শিশুৰ হাঁওফাঁওৰ পৰা ওলায় গোমধানৰ বীজ।
উল্লেখ্য যে, কিছুদিন পূৰ্বে ৰাজসামন্দৰৰ এবছৰীয়া শিশু লক্ষ্মণে এটা গোমধানৰ বীজ গিলি পেলায়।ইয়াৰ পিছতেই শিশুটিৰ উশাহ-নিশাহ ল’বলৈ যথেষ্ট অসুবিধাৰ সৃষ্টি হয়।পিছলৈ শিশুটিৰ স্বাস্থ্য কিছু সুস্থিৰ হয়।
কিন্তু ইয়াৰ কিছুদিন পাছতেই এবছৰীয়া লক্ষ্মণৰ তীব্ৰ কাঁহ আৰু উশাহ-নিশাহ লোৱাত অসুবিধা হ’বলৈ আৰম্ভ হয়। ইয়াৰ পিছত পৰিয়ালৰ লোকে শিশুটিক চিকিৎসাৰ বাবে ৰাজস্থানৰ বেৱাৰ জিলাৰ উপৰিও আজমেৰ জিলাৰ শিশু চিকিৎসকৰ ওচৰলৈ লৈ যায়।
চিকিৎসকে চিটি স্কেন কৰি জানিব পাৰে যে, তেতিয়াও শিশুটিৰ হাওঁফাওঁত গোমধানৰ বীজটো আৱদ্ধ হৈয়ে আছে। শিশুটিৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটা অৱস্থা দেখি ৰাজস্থানৰ চিকিৎসকে পৰিয়ালৰ লোকক শিশুটিক আহমেদাবাদ অসামৰিক চিকিৎসালয়লৈ নিয়াৰ পৰামৰ্শ দিয়ে।
আহমেদাবাদ অসামৰিক চিকিৎসালয়ত উপস্থিত হোৱাৰ পিছতেই পূৰ্বৰ ৰিপোৰ্ট চাই চিকিৎসকে লগে লগে শিশুটিক অস্ত্ৰোপচাৰৰ বাবে ভৰ্তি কৰিবলৈ পৰিয়ালৰ লোকক পৰামৰ্শ দিয়ে।
ইয়াৰ পিছত অত্যন্ত কষ্টৰ অন্তত চিকিৎসকৰ দলটোৱে শিশুটিৰ জীৱন ৰক্ষা কৰি নতুন জীৱন প্ৰদান কৰে। যিহেতু ৰাজস্থানৰ এই পৰিয়ালটো আৰ্থিকভাৱে ইমান সবল নাছিল, গতিকে অস্ত্ৰোপচাৰৰ পাছত পৰিয়ালৰ লোকে সকলো চিকিৎসকসকলৰ তেওঁলোকৰ সহায়-সহযোগিতা তথা মানৱীয়তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।