বিশ্ব স্বাস্থ্য সংস্থাৰ শেহতীয়া তথ্য অনুসৰি, বৰ্তমান সময়ত ভাৰতকে ধৰি ২০খনতকৈও অধিক দেশত কৰ’না ভাইৰাছৰ সংক্রমণ ধৰা পৰিছে৷ প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’না আক্ৰান্তৰ সংখ্যা।
এইবাৰ যদি আমি কৰ’নাৰ আৰ্হি চাওঁ, তেন্তে JN.1, BA.2.86 ৰ ৰোগী বাঢ়িছে। এই ভিন্নতাসমূহ দ্ৰুতগতিত বিয়পি পৰাৰ ক্ষমতা আছে যদিও এতিয়ালৈকে বিশ্ব স্বাস্থ্য সংস্থা বা আইচিএমআৰৰ পৰা এই ভিন্নতাসমূহ পূৰ্বৰ তুলনাত অধিক বিপজ্জনক বুলি কোনো নিশ্চয়তা পোৱা হোৱা নাই।
যদিও এই ভিন্নতাবোৰ অধিক বিপজ্জনক নহয়, কিন্তু ইয়াৰ গোচৰবোৰ বৃদ্ধি পোৱাৰ ক্ষেত্ৰত দিল্লীৰ জিটিবি হাস্পতালৰ চিকিৎসা বিভাগৰ ডাঃ অজিত কুমাৰে কয় যে, এই সময়ত বতৰৰ বহু পৰিৱৰ্তন হৈছে। আৰ্দ্ৰতা, বৰষুণ, উষ্ণতাও হ্ৰাস পাইছে। ইয়াৰ ফলত ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পায়। মানুহৰ কাহ, চৰ্দি আৰু মৃদু জ্বৰ আদি সমস্যা হয়। যেতিয়া ফ্লু এজনৰ পৰা আন এজনলৈ বিয়পে তেতিয়া ওচৰতে থকা আন যিকোনো ভাইৰাছও সংক্ৰমিত হয়। যিহেতু Covid সম্পূৰ্ণৰূপে শেষ হোৱা নাই আৰু ভেৰিয়েন্টৰ পৰিৱৰ্তন হৈছে, গতিকে ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে।
তেওঁ লগতে কয় যে, এইটোও নহয় যে Covid পুনৰ অতি বিপদজনক হৈ পৰিছে। ই ঠিক ফ্লুৰ দৰে আৰু ইয়াৰ ফলত ৰোগীৰ গুৰুতৰ লক্ষণ দেখা পোৱা নাযায়। এনে পৰিস্থিতিত আতংকিত হ’বলগীয়া একো নাই। কিন্তু তথাপিও বৃদ্ধ, ডায়েবেটিছ, হাঁপানী, কেন্সাৰ আদি ৰোগত আক্ৰান্ত লোকসকল এতিয়াও বিপদত পৰিছে। এনে পৰিস্থিতিত এইসকল লোকে বিশেষ সাৱধান হোৱাটো প্ৰয়োজন।
লগতে এই কথা মনত ৰাখিব লাগে বুলি তেওঁ কৈছে। সেইকেইটা হ’ল-
- ভিৰ কৰা ঠাইত মাস্ক পৰিধান কৰিব লাগে
- বৃদ্ধ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল লোকে বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে
- হাত ধোৱা আৰু কাহ-হাঁচিৰ শিষ্টাচাৰ মানি চলিব লাগে