ভাৰতীয় ক্ৰিকেট দলৰ পূৰ্ব দিগ্গজ খেলুৱৈ বীৰেন্দ্ৰ ছেহৱাগৰ সৈতে জড়িত এক আচৰিত খবৰ পোহৰলৈ আহিছে। যি খবৰে খলকনি লগাইছে দৰ্শকৰ মাজত। যেন অমানিশা নামি আহিছে ছেহৱাগৰ জীৱনলৈ।
খবৰ অনুসৰি, বিবাহৰ ২০ বছৰ পিছত পত্নী আৰতী অহলাবতৰ সৈতে বিবাহ বিচ্ছেদ ঘটিব পাৰে ছেহৱাগৰ। ২০০৪ চনত বিবাহ পাশত আৱদ্ধ হোৱা ছেহৱাগ আৰু আৰতীয়ে ইজনে-আনজনক আনফ’ল’ কৰিছে।ইয়াতেই তেওঁলোকৰ সম্পৰ্কত ফাঁট মেলাৰ খবৰ পোহৰলৈ আহিছে।
খবৰ অনুসৰি, কেইবামাহ ধৰি তেওঁলোক দুয়ো বেলেগকৈ বাস কৰি আহিছে। ইতিমধ্যে তেওঁলোক দুই সন্তানৰ পিতৃ-মাতৃ।