২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫। প্ৰতিযোগিতাখনৰ এইটো ১৮ সংখ্যক ছিজন। কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ মাজত অনুষ্ঠিত হ’বলগীয়া মেচখনেৰে আৰম্ভ হ’ব এই প্ৰতিযোগিতাখন, কিন্তু তাৰ পূৰ্বে ৰাজস্থান ৰয়েলছৰ দলে দিছে এটা ডাঙৰ আপডেট।
আচলতে দলটোৰ নিয়মীয়া অধিনায়ক সঞ্জু চেমছনে প্রথম তিনিখন মেচত ৰাজস্থানৰ অধিনায়ক নহ’ব। তেওঁৰ ঠাইত অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে অসম সন্তান ৰিয়ান পৰাগক। সঞ্জু চেমছনকো ৰাজস্থান ৰয়েলছৰ অধিনায়কত্বত অন্তৰ্ভুক্ত কৰা হ’ব।
অৱশ্যে সঞ্জুৱে দলৰ হৈ উইকেটকীপিং কৰিবলৈ খেলপথাৰত অৱতীৰ্ণ নহয়। আচলতে সঞ্জু চেমছনে আঘাতৰ বাবে বৰ্তমানেও চেণ্টাৰ অৱ এক্সেলেন্সৰ পৰা উইকেটকীপিঙৰ অনুমতি পোৱা নাই। এই কাৰণেই প্ৰথম তিনিখন মেচত ৰাজস্থান ৰয়েলছৰ অধিনায়ক হিচাপে থাকিব ৰিয়ান পৰাগ।
উল্লেখ্য যে আই পি এলৰ ১৮ সংখ্যক ছিজনত ৰাজস্থান ৰয়েলছৰ প্ৰথমখন খেল ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সৈতে। দুয়োটা দলৰ মাজত এই মেচখন ছিজনৰ প্ৰথমখন ডাবল হেডাৰত ২৩ মাৰ্চত ছানৰাইজাৰ্ছৰ ঘৰুৱা খেলপথাৰ হায়দৰাবাদত অনুষ্ঠিত হ’ব।
এনে পৰিস্থিতিত এই লীগত প্রথমবাৰৰ বাবে ৰাজস্থানৰ অধিনায়কৰ দায়িত্ব পোৱা ৰিয়ানৰ বাবে পথ মসৃণ নহ’ব। কাৰণ যোৱা ছিজনত ছানৰাইজাৰ্ছ হায়দৰাবাদ দল ৰানাৰ্ছ আপ আছিল আৰু ঘৰুৱা ক্ষেত্ৰত তেওঁলোকৰ প্ৰদৰ্শন আছিল অতি উত্তম।
চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ ছিৰিজৰ সময়ত সঞ্জু চেমছন আঘাতপ্ৰাপ্ত হৈছিল। বেটিং কৰি থকা অৱস্থাত সঞ্জুৱে আঙুলিত আঘাত পাইছিল, যাৰ বাবে তেওঁ অস্ত্ৰোপচাৰ কৰিবলগীয়া হৈছিল।
এনে পৰিস্থিতিত আই পি এলৰ ১৮ সংখ্যক ছিজন আৰম্ভ হোৱাৰ পূর্বে সঞ্জু সুস্থ হৈ উঠিব বুলি আশা কৰা হৈছিল যদিও উইকেটকীপিঙৰ বাবে অনুমোদন লাভ কৰিব নোৱাৰিলে।