ভাৰত আৰু নিউজিলেণ্ডৰ তিনিখন খেলৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন খেল পুনেৰ এমচিএ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। এই মেচত টীম ইণ্ডিয়াক বেকফুটত দেখা গৈছে।
টীম ইণ্ডিয়াৰ তাৰকা খেলুৱৈ বিৰাট কোহলীয়ে পুনৰবাৰ এই মেচখনৰ প্ৰথম ইনিংছত ফ্লপ প্ৰদৰ্শন কৰে। ইয়াৰ পিছতে কোহলীক লৈ বহু প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে। ছ’চিয়েল মিডিয়াত ব্যৱহাৰকাৰীয়ে কোহলীৰ ওপৰত নিজৰ ক্ষোভ প্ৰকাশ কৰিছে।
পুনে টেষ্টৰ প্ৰথম ইনিংছত দেখা গ’ল বিৰাট কোহলীৰ ফ্লপ শ্ব’। এই ইনিংছত মাত্ৰ ১ ৰান সংগ্ৰহ কৰি আউট হয় কোহলী। যি সময়ত অনুৰাগীয়ে টেষ্ট ক্ৰিকেটত কোহলীৰ শতকলৈ দীৰ্ঘদিন ধৰি অপেক্ষা কৰি আছিল, সেই সময়তেই কোহলীয়ে প্ৰতিবাৰেই অনুৰাগীক নিৰাশ কৰে বুলি অনুৰাগীসকলে ক্ষোভ প্ৰকাশ কৰে।
উল্লেখ্য যে, টেষ্ট ক্ৰিকেটত কোহলীয়ে বহুদিন ধৰি শতক অৰ্জন কৰা নাই। কোহলীয়ে শেষৰটো টেষ্ট শতক ২০২৩ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অৰ্জন কৰিছিল। এই মেচখনত কোহলীয়ে ১২১ ৰান সংগ্ৰহ কৰিছিল। তেতিয়াৰ পৰাই কোহলীয়ে টেষ্টত শতক অৰ্জন কৰিবলৈ সংগ্ৰাম কৰি আহিছে।
আজিকালি বিৰাট কোহলীৰ সময় বেয়া। কিছুদিনৰ পৰা টেষ্ট ক্ৰিকেটতো কোহলীৰ বেটিং গ্ৰাফ হ্ৰাস পাইছে। যোৱা ২৬ খন টেষ্ট ইনিংছত কোহলীয়ে গড়ে ২৮.৮৫ ৰানৰ মাত্ৰ ৬০৬ ৰানহে সংগ্ৰহ কৰিছে। এই সময়ছোৱাত তেওঁৰ উইকেটো ২১ লৈ হ্ৰাস পাইছে।
ইফালে পুনে টেষ্টৰ প্রথম ইনিংছত দ্বিতীয় দিনা মাত্র ১৫৬ ৰানতে স্তব্ধ হৈ পৰে টীম ইণ্ডিয়া৷ ভাৰতৰ হৈ ৩৮ ৰানৰ সৰ্বোচ্চ ইনিংছ খেলিছিল ৰবীন্দ্ৰ জাডেজাই। ইয়াৰ উপৰিও যশস্বী জয়ছোৱাল আৰু শুভমান গিলে ৩০-৩০ ৰান সংগ্ৰহ কৰে। নিউজিলেণ্ডৰ হৈ ভাল বলিং কৰাৰ সময়তে মিচেল ছাণ্টনাৰে সৰ্বাধিক ৭ উইকেট দখল কৰে।











