ভাৰতীয় এদিনীয়া দলৰ অধিনায়ক ৰোহিত শৰ্মাক লৈ এক ডাঙৰ বক্তব্য দিলে ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ অম্বতি ৰায়ুডুৱে। ২০২৭ চনলৈ হিটমেন ৰোহিত শৰ্মাই এদিনীয়া বিশ্বকাপ খেলিব লাগে বুলি মন্তব্য কৰি অম্বতি ৰায়ুডুৱে ইয়াৰ আঁৰৰ কাৰণো দাঙি ধৰিছে।
এক প’ডকাষ্টত অম্বতি ৰায়ুডুৱে কয় যে, ২০২৭ চনৰ বিশ্বকাপ কোনে জয় কৰিব, ইয়াকে লৈ সকলো অপেক্ষাৰত। যদি ৰোহিত শৰ্মাৰ অধিনায়কত্বই এই কাম কৰিব পাৰে, তেন্তে ২০২৭ চনলৈকে তেওঁৰ অধিনায়কত্ব অব্যাহত ৰাখিব লাগে। এদিনীয়াত ৰোহিতৰ ঠাইত কোনেও ল’ব নোৱাৰে, তেওঁৰ অধিনায়কত্ব, তেওঁৰ বেটিং আৰু খেলুৱৈৰ প্ৰতি তেওঁৰ আত্মবিশ্বাস, এই সকলোবোৰ অতি গুৰুত্বপূৰ্ণ – ৰোহিতে অধিনায়কত্ব হ’ব লাগে।
ভাৰতৰ হৈ এই পৰ্যন্ত দুবাৰকৈ আই চি চিৰ ট্ৰফী লাভ কৰিছে ৰোহিত শৰ্মাই। তেওঁৰ অধিনায়কত্বত ২০২৪ চনৰ টি-২০ বিশ্বকাপ আৰু ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফী জয় কৰিবলৈ সক্ষম হৈছে ভাৰতে। অৱশ্যে ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলত পৰাস্ত হৈছিল টীম ইণ্ডিয়া। ৰোহিত শৰ্মাৰ অধিনায়কত্বত ডব্লিউ টি চিৰ আন এখন ফাইনেলত ভাৰতে পৰাস্ত হৈছে যদিও দুটা ট্ৰফী জয় কৰাটোও নিজৰ বাবেই এক ডাঙৰ কথা।
টি-২০ বিশ্বকাপ ২০২৪ৰ পিছত টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট আৰু ইংলেণ্ড ভ্ৰমণৰ পূৰ্বে টেষ্ট ক্ৰিকেটক বিদায় দিলে ধুমুহাময় অ’পেনাৰ ৰোহিত শৰ্মাই। এনে পৰিস্থিতিত ২০২৭ চনৰ এদিনীয়া বিশ্বকাপলৈকে তেওঁ নিজকে কেনেকৈ ফিট কৰি ৰাখিব পাৰিব সেই লৈ প্ৰশ্ন উত্থাপন হৈছে, কাৰণ একেটা ফৰ্মেটতে কাৰোবাৰ বাবে জীয়াই থকাটো কঠিন। ৰোহিত শৰ্মা আৰু বিৰাট কোহলী দুয়োজনে টি-২০ আৰু টেষ্টৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। অৱশ্যে দুয়োকে এদিনীয়া ক্ৰিকেট খেলা দেখা যাব।