ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ৰ সময়ত ভাৰতীয় দলৰ কিংবদন্তি বেটছমেন বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লৈ সকলোকে আচৰিত কৰি তুলিছিল। এতিয়া এই দুয়োগৰাকী খেলুৱৈয়ে এদিনীয়া খেলৰ পৰাও অৱসৰ লোৱাৰ খবৰ আহিছে যদিও ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এই সন্দৰ্ভত নিজৰ মৌনতা ভংগ কৰিছে।
ব’ৰ্ডৰ উপ-সভাপতি ৰাজীৱ শুক্লাই কয় যে, বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই এতিয়াও অৱসৰ ল’বলৈ যোৱা নাই। এতিয়াও তেওঁক টীম ইণ্ডিয়াৰ হৈ খেলা দেখা যাব। দুয়োৰে এদিনীয়াত এক বৃহৎ অভিলেখ।
বি চি চি আইৰ উপ-সভাপতি ৰাজীৱ শুক্লাই বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ আলোচনাক খাৰিজ কৰি কয় যে, দুয়োজনে এদিনীয়া ক্ৰিকেট খেলি থাকিব।
এই সন্দৰ্ভত বিচিচিআইৰ উপ-সভাপতি ৰাজীৱ শুক্লাই কয় যে, ৰোহিত শৰ্মা আৰু বিৰাট কোহলী, দুয়োজনেই এতিয়াও এদিনীয়া খেলি আছে, গতিকে এতিয়া তেওঁলোকৰ কোনো প্ৰশ্নই নুঠে।
ৰাজীৱ শুক্লাই আৰু কয় যে, বিচিচিআইয়ে কেতিয়াও কোনো খেলুৱৈক অৱসৰ ল’বলৈ কোৱা নাই। এই সিদ্ধান্ত তেওঁলোকে সিদ্ধান্ত নিজেই ল’ব লাগিব।