চলি আছে আই পি এলৰ ১৮ সংখ্যক ছিজন। চলিত ছিজনত খেলি আছে অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ কেইবাগৰাকীও শীৰ্ষ খেলুৱৈয়ে। ইয়াৰ মাজতে ক্ৰিকেট অষ্ট্ৰেলিয়াই প্ৰকাশ কৰিছে কেন্দ্ৰীয় চুক্তিৰ তালিকা।
প্ৰথমবাৰৰ বাবে এই তালিকাত স্থান লাভ কৰিছে ছেম কনষ্টাছকে ধৰি তিনিগৰাকী নতুন খেলুৱৈয়ে। কনষ্টাছে যোৱা বছৰৰ ২৬ ডিচেম্বৰত ভাৰতৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটটত অভিষেক ঘটিছিল। টেষ্ট মেচৰ প্ৰথম ইনিংছত ৬০ ৰান আৰু দ্বিতীয় ইনিংছত ৮ ৰান সংগ্ৰহ কৰিছিল কনষ্টাছে।
১ এপ্ৰিল অৰ্থাত মঙলবাৰে ক্ৰিকেট অষ্ট্ৰেলিয়াই ২০২৫-২৬ ছিজনৰ বাবে কেন্দ্ৰীয় চুক্তি ঘোষণা কৰে। তালিকাখন প্ৰকাশ কৰি ব’ৰ্ডে প্ৰথমবাৰৰ বাবে চুক্তিৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ বাবে ছেম কনষ্টাছ, মেট কুহনেমেন আৰু বিউ ৱেবষ্টাৰক অভিনন্দন জনায়।
২০২২ চনত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটা মেট কুহনেমেনে এই বছৰ শ্ৰীলংকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল। তেওঁ দুখন টেষ্টত মুঠ ১৬টা উইকেট দখল কৰে। ৩১ বছৰীয়া বিউ ৱেবষ্টাৰে এই বছৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটায়। তেওঁ খেলা ৩ খন টেষ্টত ১৫০ ৰান আৰু ৩ উইকেট দখল কৰিছে।
ক্ৰিকেট অষ্ট্ৰেলিয়াৰ কেন্দ্ৰীয় চুক্তি তালিকাত অন্তৰ্ভুক্ত খেলুৱৈ
জেভিয়াৰ বাৰ্টলেট
স্কট বোলেণ্ড
এলেক্স কেৰী
পেট কামিন্স
নাথান এলিছ
কেমেৰন গ্ৰীণ
জোছ হেজলউড
ট্ৰেভিছ হেড
জোছ ইংলিছ
উছমান খাৱাজা
ছেম কনষ্টাছ
মেথিউ কুহনেমেন
মাৰ্নাছ লেবুশ্বানে
নাথান লায়ন
মিচেল মাৰ্ছ
গ্লেন মেক্সৱেল
লেন্স মৰিছ
ঝাই ৰিচাৰ্ডছন
মেট শ্বৰ্ট
ষ্টিভ স্মিথ
মিটচেল ষ্টাৰ্ক
ৱেবষ্টাৰ
জাম্পা