কিছুদিন পূৰ্বে মহিলা ক্ৰিকেটাৰ স্মৃতি মান্ধনাৰ সৈতে পলাশ মুছলৰ বিচ্ছেদৰ খবৰে শিৰোনাম দখল কৰিছিল। ৬ বছৰীয়া প্ৰেমৰ সম্পৰ্কৰ অন্তত ২৩ নৱেম্বৰত হ’বলগীয়া বিবাহ পিছুৱাই দিয়া হয়। সংবাদ মাধ্যমক জনোৱা হৈছিল যে স্মৃতিৰ পিতৃৰ অসুস্থতাৰ বাবে বিয়াখন পিছুৱাই দিয়া হৈছে। পিছত স্মৃতিৰ পিতৃক চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হয় যদিও বিয়াখন নহয়। স্মৃতিয়ে নিজৰ ইনষ্টাগ্ৰামৰ পৰা মেহেন্দি আৰু হালদী অনুষ্ঠানৰ ভিডিঅ’ও ডিলিট কৰিছে লগতে স্মৃতিৰ বন্ধুসকলেও ইনষ্টাগ্ৰামৰ পৰা সকলো ফটো আৰু ভিডিঅ’ ডিলিট কৰে।
সেই ঘটনাৰ কেইসপ্তাহমান পিছত পলাশে পুনৰ কৰ্মক্ষেত্ৰলৈ আহি অভিনেতা শ্ৰেয়াস তালপাডেৰ সৈতে নিজৰ পৰৱৰ্তী প্ৰজেক্টৰ প্ৰস্তুতি আৰম্ভ কৰে। তাৰ মাজতে পোহৰলৈ আহিছে পলাশৰ বিৰুদ্ধে এক ডাঙৰ অভিযোগ।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, এই দাবী কৰিছে ক্ৰিকেটাৰ স্মৃতি মান্ধনাৰ বন্ধু বিজ্ঞান মানে। বিজ্ঞানে শেহতীয়াকৈ পলাশ মুছলক ৪০ লাখ টকাৰ জালিয়াতিৰ অভিযোগ উত্থাপন কৰিছিল আৰু এই বিষয়ত আৰক্ষীৰ এজাহাৰ দাখিল কৰিছিল।
এক সাক্ষাৎকাৰত ক্ৰিকেটাৰ স্মৃতি মান্ধনাৰ বন্ধু বিজ্ঞান মানে পলাশ মুছলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ কয় যে, স্মৃতি মান্ধনাৰ সৈতে বিয়াৰ দিনা পলাশক আন এগৰাকী মহিলাৰ সৈতে ধৰা পেলোৱা হৈছিল। সংগীত সুৰকাৰ পলাশে বিয়াৰ দিনা ক্ৰিকেটাৰ স্মৃতি মান্ধানাক প্ৰতাৰণা কৰিছিল।
শুকুৰবাৰে পলাশ মুছলে তেওঁৰ বিৰুদ্ধে আৰ্থিক জালিয়াতিৰ অভিযোগ স্পষ্ট কৰি সংবাদ মাধ্যমত পোষ্ট কৰে। তেওঁৰ বিৰুদ্ধে কৰা এই দাবী সম্পূৰ্ণ ভিত্তিহীন আৰু বাস্তৱিকভাৱে ভুল বুলি তেওঁ উল্লেখ কৰে। এই অভিযোগসমূহ তেওঁৰ ভাবমূৰ্তি কলংকিত কৰাৰ উদ্দেশ্যেৰে কৰা হৈছে তেওঁ দাবী কৰে।
উল্লেখ্য যে, কিছুদিন পূৰ্বে মহাৰাষ্ট্ৰৰ সাংলি জিলাত বিজ্ঞান মানে আৰক্ষীৰ এজাহাৰ দাখিল কৰিছিল। তেওঁ পলাশক ৪০ লাখ টকা প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰে। এই গোচৰত এতিয়ালৈকে কোনো এফআইআৰ দাখিল কৰা হোৱা নাই। ভাৰতীয় মহিলা ক্ৰিকেটাৰ স্মৃতি মান্ধনাৰ শৈশৱৰ বন্ধু বিদ্যান। পেছাত ফিল্ম ফাইনেন্সিয়াৰ বিদ্যানে স্মৃতি মান্ধনাৰ পিতৃ শ্ৰীনিবাস মান্ধনাৰ জৰিয়তে পলাশক স্মৃতি মান্ধনাৰ সৈতে চিনাকি কৰাই দিছিল। অৱশ্যে পলাশ আৰু স্মৃতিৰ বিবাহ পিছুৱাই দিয়া হয়। ইয়াৰ পিছত সংগীত সুৰকাৰ স্মৃতিৰ বন্ধু বিজ্ঞানে পলাশৰ বিৰুদ্ধে ধন জালিয়াতিৰ অভিযোগ কৰে। শেহতীয়াকৈ তেওঁ শ্ৰেয়াস তালপাদেৰ সৈতে এখন নতুন ছবিৰ কাম কৰি আছিল।










