ভাৰতীয় চিকিৎসা খণ্ডৰ বাবে ভাল খবৰ। বিশ্বৰ ১০০খন শ্ৰেষ্ঠ হাস্পতালৰ ভিতৰত স্থান লাভ কৰিলে দিল্লী এইমছে। এইমছ বিশ্বৰ শ্ৰেষ্ঠ ১০০ খন হাস্পতালৰ ভিতৰত ৯৭ নং স্থান লাভ কৰিছে। কেৱল এয়াই নহয় দেশৰ ভিতৰতে শ্ৰেষ্ঠ চিকিৎসালয় হিচাপে পৰিগণিত হৈছে এইমছ। বৃহস্পতিবাৰে প্ৰকাশ পাই বিশ্বৰ ১০০খন শ্ৰেষ্ঠ চিকিৎসালয়ৰ তালিকা।
আমেৰিকান আলোচনী ‘নিউজ উইক’ আৰু ‘ষ্টাটিষ্টা’ই চলোৱা সমীক্ষাৰ পিছতে এই তালিকা প্ৰকাশ পায়। ‘ষ্টাটিষ্টা’ হৈছে বিশ্বৰ এক প্ৰসিদ্ধ ডেটা এণ্ড ইণ্টেলিজেন্স সংস্থা।
বিশ্বৰ ৩০ খন দেশৰ ২৪০০ হাস্পতালৰ মাজত চলোৱা হৈছিল এই সমীক্ষা। শেহতীয়া এই সমীক্ষাৰ বিষয়ে প্ৰকাশ পাইছে মাৰ্কিন আলোচনী ‘নিউজ উইক’ত।
উল্লেখ্য যে, ‘নিউজ উইক-ষ্টাটিষ্টা ৱৰ্ল্ডছ বেষ্ট হস্পিটেলছ ২০২৫’ শীৰ্ষ ৰিপ’ৰ্টত পোন প্ৰথমবাৰৰ বাবে ১০০ৰ ভিতৰত স্থান লাভ কৰিছে দিল্লী এইমছে। ইয়াৰ পূৰ্বে বিশ্বৰ শ্ৰেষ্ঠ ২৫০ হাস্পতালত স্থান পাইছিল দিল্লী এইমছে। ২০২৩ চনত এই তালিকাত এইমছ দিল্লীৰ স্থান আছিল ১২২। ২০২৪ চনত ১১৩ নম্বৰ স্থানত আছিল দিল্লী এইমছ।
তালিকাৰ শীৰ্ষত যৌথভাৱে আছে আমেৰিকাৰ মেয়ো ক্লিনিক আৰু ক্লিভলেণ্ড ক্লিনিক। প্ৰথম ৫ৰ ভিতৰত আছে কানাডাৰ টৰেণ্টে জেনেৰেল হাস্পতাল, জন্স হপকিন্স হাস্পতাল আৰু ছুইডেনৰ ক্যাৰোলিনস্কা ইউনিভাৰ্ছিটি হাস্পতাল।