দিল্লীত বৰ্ধিত বায়ু প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰাথমিক বিদ্যালয়ৰ শ্ৰেণীসমূহৰ পাঠদান অনলাইন কৰাৰ নিৰ্দেশ প্ৰদান কৰাৰ পিছত এইবাৰ ষষ্ঠ শ্ৰেণী আৰু তাৰ ওপৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ সুৰক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।
দ্বাৰকাৰ আইটিএল পাব্লিক স্কুলৰ অধ্যক্ষ সুধা আচাৰ্যই কয়, “বিদ্যালয়লৈ অহা ছাত্ৰ-ছাত্ৰীৰ বাবে আমি গাইডলাইন ৰূপায়ণ কৰিছো। বিদ্যালয়ত বহিঃজগতৰ কাম-কাজ নিষিদ্ধ কৰা হৈছে। আমি পঢ়া, পেইন্টিং, ক্ৰাফটিং, দবা আৰু কেৰমৰ দৰে খেলসমূহ খেলাৰ ওপৰতহে গুৰুত্ব প্ৰদান কৰিছো।”
ইয়াৰ উপৰি ‘কাৰপুলিং’, পৰ্যাপ্ত পৰিমাণৰ পানী সেৱন, মাস্ক পৰিধান বাধ্যতামূলক আৰু ‘এন্টিঅক্সিডেন্ট’ সমৃদ্ধ খাদ্য খোৱাৰ দৰে ব্যৱস্থাৰো পৰামৰ্শ প্ৰদান কৰা হৈছে।
ৰাষ্ট্ৰীয় ৰাজধানীখনৰ বায়ুৰ গুণাগুণ একেৰাহে দুদিন ধৰি “গুৰুতৰ” শ্ৰেণীত থকাৰ বাবে বায়ুৰ গুণাগুণ ব্যৱস্থাপনা আয়োগে পৰ্যায়ক্ৰমে সঁহাৰি কাৰ্য্য পৰিকল্পনা (জি আৰ এ পি)ৰ অধীনত তৃতীয় পৰ্যায়ৰ ব্যৱস্থা ৰূপায়ণ কৰিছে।
উল্লেখ্য যে, মহানগৰীৰ বায়ুৰ গুণাগুণ সূচকাংক গুৰুতৰ হোৱাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী আতিশিয়ে বৃহস্পতিবাৰে ঘোষণা কৰে যে দিল্লীৰ আটাইকেইখন বিদ্যালয়তে পঞ্চম শ্ৰেণীলৈকে সকলো শ্ৰেণী অনলাইনত অনুষ্ঠিত হ’ব।