দিল্লীৰ লালকিল্লাৰ সমীপত হোৱা ভয়ংকৰ বোমা বিস্ফোৰণক চৰকাৰে সন্ত্ৰাসবাদী কাণ্ড বুলি অভিহিত কৰিছে। তদন্তত প্ৰকাশ পাইছে যে বিস্ফোৰক ভৰ্তি গাড়ীখন চলাই থকা ডাঃ ওমৰ নবীয়ে বাবৰি মছজিদ ভাঙি পেলোৱাৰ বৰ্ষপূৰ্তিত সেই স্থানত আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল।
বৰ্তমানলৈ দিল্লী বিস্ফোৰণৰ সন্দেহত ৫ জনক চিনাক্ত কৰা হৈছে। দিল্লীৰ ৬টাকৈ স্থানত ধাৰাবাহিক বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল এই সন্ত্রাসবাদীৰ দলে। বাবৰি মছজিদ ধ্বংসৰ প্ৰতিশোধ ল’বলৈয়ে এই ভয়ংকৰ ষড়যন্ত্ৰ কৰা হৈছিল। দিল্লী বিস্ফোৰণৰ পাছতেই শিহৰণকাৰী তথ্য উন্মোচন কৰিছে বিশেষ তদন্তকাৰী বিষয়াই।
তথ্য মতে, কুখ্যাত জইছ-ঈ-মহম্মদে ৰচিছিল এই বিস্ফোৰণৰ ভয়ংকৰ পৰিকল্পনা। ৫টা পর্যায়ত ৬ ডিচেম্বৰত বিস্ফোৰণ সংঘটিতৰ পৰিকল্পনা ৰচিছিল সন্ত্রাসবাদীয়ে।
তেওঁলোকৰ পৰিকল্পনা আছিল- প্রথম পর্যায়ত জইছ-ঈ-মহম্মদ, আনছাৰ গজবাট উল হিন্দৰে এটা টীম গঠন কৰা, দ্বিতীয় পর্যায়ত বিস্ফোৰক সামগ্ৰী একত্ৰীকৰণ কৰা, তৃতীয় পর্যায়ত IEDসমূহ প্ৰস্তুত কৰি সংস্থাপনৰ স্থান পৰীক্ষণ কৰা, চতুর্থ পর্যায়ত কূটাঘাতকাৰীৰ হাতত বিস্ফোৰক সামগ্ৰী তুলি দিয়া আৰু পঞ্চম পৰ্যায়ত বিস্ফোৰণ ঘটোৱা।
NIAৰ তদন্তত উন্মোচিত হৈছে কূটাঘাতকাৰীয়ে দিল্লী ৰক্তাক্ত কৰাৰ এই ভয়ংকৰ পৰিকল্পনা।











