সময় তেতিয়া সন্ধিয়া প্ৰায় ৬.৫৫ হৈছিল। ভয়ংকৰ বিস্ফোৰণে কঁপাই গৈছিল দেশৰ ৰাজধানী। মূহূৰ্ততে ক’লা ধোৱাই ছানি ধৰিছিল লালকিল্লা।
এক ভয়ংকৰ শব্দৰ পিছতে দেশৰ ৰাজধানী দিল্লীত লাগিছিল হাহাকাৰ। সদাব্যস্ত লালকিল্লাৰ মেট্ৰ’ ষ্টেচনৰ সমীপত সংঘটিত হয় এক ভয়ংকৰ বিস্ফোৰণ। এখন চলন্ত বাহনত সংঘটিত বাহনত সংঘটিত বিস্ফোৰণৰ পিছতে ১০খনতকৈও অধিক বাহনত সংঘটিত হয় অগ্নিকাণ্ড।
এই ভয়ংকৰ বিস্ফোৰণত ১৩ নিহত, ৩০ৰো অধিক লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। বিস্ফোৰণৰ পিছতে ৰাজধানী চহৰত সৃষ্টি হয় হাহাকাৰময় পৰিস্থিতিৰ। সমগ্ৰ দিল্লীৰ লগতে মুম্বাই, উত্তৰ প্ৰদেশ, কলকাতাকে ধৰি কেইবাখনো ঠাইত জাৰি কৰা হয় হাই এলাৰ্ট।
ইতিমধ্যে পোহৰলৈ আহিছে দিল্লী বিস্ফোৰণৰ CCTV ফুটেজ। মুখত ক’লা কাপোৰ মাৰি এখন গাড়ীৰে আহিছিল দুৰ্বৃত্ত। সুনহৰী মছজিদৰ কাষত ৩ ঘণ্টা ৰখাই থৈছিল বিস্ফোৰণৰ সংঘটিত কৰা i20 বাহনখন।১০ নৱেম্বৰত দিনৰ ৩ বাজি ১৯ মিনিটত মছজিদৰ সমুখত আহি পাইছিল বাহনখন। সন্ধিয়া ৬ বাজি ৪৮ মিনিটত মছজিদৰ সমুখৰ পৰা ওলাই গৈছিল বাহনখন। ইয়াৰে ৪ মিনিট পিছতে ৬ বাজি ৫২ মিনিটত বিস্ফোৰিত হয় i20 বাহনখন।
চালকৰ আসনত থকা দুৰ্বৃত্তক মহম্মদ ওমৰ বুলি চিনাক্ত কৰা হৈছে। দিল্লীত বিস্ফোৰণৰে জড়িত i20 গাড়ীখন আছিল হাৰিয়ানাৰ মহম্মদ ছলমানৰ। HR-26CE-7674 নম্বৰৰ বাহনখন তেওঁ বিক্ৰী কৰিছিল মহম্মদ নাদিমক।
দিল্লীৰ ঘটনাত শোক প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। নিহতসকলৰ আত্মীয়ৰ প্ৰতি সমবেদনা প্ৰধানমন্ত্ৰীৰ। সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া মোদীৰ। ঘটনা সন্দৰ্ভত আৰক্ষী, NIA, IBয়ে অব্যাহত ৰাখিছে অভিযান।
ঘটনাৰ পিছতেই দেশজুৰি সতৰ্কতা জাৰি। ৰাজহুৱা স্থান, মন্দিৰ, মছজিদ, বাছ, ৰেলৱে ষ্টেচন আধি সকলোতে বৃদ্ধি কৰা হৈছে নিৰাপত্তা। ঠায়ে ঠায়ে তালাচী চলাইছে আৰক্ষীয়ে। প্ৰতিখন ঠাইত বৃদ্ধি কৰা হৈছে চেকিং। ভয়ংকৰ বিস্ফোৰণৰ পিছতে দেশজুৰি সৃষ্টি হৈছে আতংকময় পৰিৱেশৰ।











